হোজাই,5 ফেব্ৰুৱাৰী : হোজাই জিলাৰ লংকাৰ বামুণ গাঁৱত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত প্ৰাণ গ’ল দুই কণমানি সন্তানৰ পিতৃৰ ।
ঘটনা অনুসৰি, 30 জানুৱাৰীত লংকাৰ 54 নং ৰাষ্ট্ৰীয় ঘাইপথত বাইকৰ সৈতে দুৰ্ঘটনাত পতিত হৈছিল ব্যৱসায়ী মইনুল উদ্দিন ৷ মাছ বিক্ৰী কৰি ঘৰলৈ উভতাৰ পথত সংঘটিত হৈছিল এই দুৰ্ঘটনাটো ৷ ব্যৱসায়ী মইনুলক সংকটজনক অৱস্থাত লংকা প্ৰাথমিক চিকিৎসায়ত ভৰ্তি কৰোৱাৰ পাচত হোজাইৰ হাম হাস্পতাললৈ লৈ যোৱা হৈছিল ৷
হোজাইত শোকাৱহ পথ দুৰ্ঘটনা আঘাত অতি গুৰুতৰ হোৱাত মইনুল উদ্দিনক গুৱাহাটী বেলতলাৰ মেট্ৰ’ হাস্পতাললৈ লৈ যোৱা হৈছিল । তাত এদিন ৰখাৰ পাচতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ব্যৱসায়ীজনক ৷
অৱশেষত শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে কণমানি দুই সন্তানৰ পিতৃ মইনুলে ৷ ইফালে দুৰ্ঘটনা সংঘটিত কৰা বাইকখনৰ আৰোহীয়ে পলায়ন কৰে যদিও বামুন গাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই চালকজনৰ সৈতে যোগাযোগ কৰি তেওঁক থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে ।
লগতে পঢ়ক :ফখৰুদ্দিন আলী আহমেদ একাডেমীৰ গৃহ উদ্বোধন