হোজাই, 13 মাৰ্চ : হোজাইৰ নীলবাগানৰ 54 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বলেৰ' পিক আপ আৰু ইয়ন গাড়ীৰ সংঘৰ্ষত দলঙৰ পৰা প্ৰায় 50 ফুট তলত বাগৰি পৰিল বলেৰ' গাড়ীখন ৷ মুমূর্ষু অৱস্থাত পানীৰ তলৰ পৰা উদ্ধাৰ কৰা হ'ল চালক আৰু হেণ্ডিমেনক৷ দুৰ্ঘটনাৰ ফলত বলেৰ' পিক আপত থকা কেইবা হাজাৰ টকাৰ মুৰ্গী চৰাইৰ পোৱালীৰো মৃত্যু হয় ৷ এই ঘটনাৰ ফলত আঘাতপ্ৰাপ্ত চাৰিজনকৈ লোকক হোজাইৰ হাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷
হোজাইত দুই বাহনৰ সংঘৰ্ষ : 50 ফুট তলত বাগৰিল বলেৰ' - 50 ফুট তলত বাগৰি পৰিল বলেৰ' গাড়ী
হোজাইত দুই বাহনৰ সংঘৰ্ষ ৷ 50 ফুট তলত বাগৰি পৰিল বলেৰ' গাড়ী ৷
![হোজাইত দুই বাহনৰ সংঘৰ্ষ : 50 ফুট তলত বাগৰিল বলেৰ' দুই বাহনৰ সংঘৰ্ষ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6393345-thumbnail-3x2-ho-2.jpg)
হোজাইত ভয়াবহ পথ দূৰ্ঘটনা
ঘটনাৰ বিৱৰণী অনুসৰি, গুৱাহাটীৰ পৰা হোজাই অভিমুখে গৈ আছিল বাহন দুখন ৷ সুৰাপান কৰি থকা ইয়ন গাড়ীৰ চালকজনে বলেৰ' গাড়ীক অভাৰটেক কৰিবলৈ যাওতেই বলেৰ' গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই দলং ভাঙি নদীত বাগৰি পৰে ৷ ইয়নত থকা লোক দুজনৰ ঘৰ গুৱাহাটীৰ আদাবাৰী বুলি জানিব পৰা গৈছে ৷
50 ফুট তলত বাগৰিল বলেৰ'
আৰু পঢ়ক : বিদেশী ন্যায়াধীকৰণৰ আদেশ অৱমাননা কৰা শ্বদেশীলৈ গ্ৰেপ্তাৰী পৰোৱানা
Last Updated : Mar 13, 2020, 3:13 PM IST