অসম

assam

ETV Bharat / state

লংকাত পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত 1 - assam news

হোজাইৰ লংকাৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত ভালুকমাৰী আৰু জোৰাপুখুৰীৰ মাজত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা | লংকা দিশৰ পৰা যোৱা AS-02-Q-7561 মাৰুতি আৰ্টিকা গাড়ীয়ে প্ৰথমে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা অহা বাইকত খুন্দা মাৰি ফৰলাইনৰ সিপাৰৰ পথত গৈ থকা পঞ্জীয়ন বিহীন টাটা ম'বাইল গাড়ীত খুন্দা মাৰে

লংকাত পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত 1

By

Published : Jun 8, 2019, 1:32 AM IST

লংকাত পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত 1

হোজাই, 7 জুনঃ লংকাৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা । হোজাইৰ লংকাৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত ভালুকমাৰী আৰু জোৰাপুখুৰীৰ মাজত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা | লংকা দিশৰ পৰা যোৱা AS-02-Q-7561 নম্বৰৰ এখন মাৰুতি আৰ্টিকা গাড়ীয়ে প্ৰথমে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা অহা বাইকত খুন্দা মাৰি ফৰলাইনৰ সিপাৰৰ পথেৰে গৈ থকা এখন পঞ্জীয়ন বিহীন টাটা ম'বাইল গাড়ীত খুন্দা মাৰে | এই ঘটনাত গুৰুতৰভাৱে আহত হয় বাইক আৰোহী জন | আহত আৰোহীজনক লংকা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও অচেতন অৱস্থাত থকাৰ বাবেই বৰ্তমানলৈকে পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নাই আহত জনৰ | তাৰোপৰি দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে আৰ্টিকাখনৰ চালক ৷

আনহাতে,পঞ্জীয়ন বিহীন টাটা ম'বাইলখনত অহা তপন পাল আৰু তেওঁৰ পত্নী সামান্যভাৱে আঘাতপ্ৰাপ্ত হয় যদিও টাটা ম'বাইল গাড়ীখনৰো চালক জনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে |

ABOUT THE AUTHOR

...view details