অসম

assam

By

Published : Apr 3, 2021, 7:31 PM IST

ETV Bharat / state

পীযুষ হাজৰিকাক গ্ৰেপ্তাৰৰ দাবীত লংকাত সাংবাদিকৰ প্ৰতিবাদ

ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে প্ৰতিবাদ । ৰাজ্যৰ সাংবাদিকসকলে মন্ত্ৰী গৰাকীক সমালোচনা কৰাৰ লগতে গ্ৰেপ্তাৰৰ দাবী জনায় ।

পীযুষ হাজৰিকাক গ্ৰেপ্তাৰৰ দাবীত লংকাত সাংবাদিকৰ প্ৰতিবাদ
পীযুষ হাজৰিকাক গ্ৰেপ্তাৰৰ দাবীত লংকাত সাংবাদিকৰ প্ৰতিবাদ

হোজাই,৩ এপ্ৰিল:ৰাজ্যজুৰি মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে । সাংবাদিকক ফোনত ভাবুকি দিয়াৰ অভিযোগত মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰাজ্যৰ সাংবাদিক, দল-সংগঠন আদি । মন্ত্ৰী গৰাকীৰ পত্নীয়ে দিয়া দিয়া এক ভাষণকলৈ বাতৰি সম্প্ৰচাৰ হৈছিল একাংশ সংবাদমাধ্যমত । তাৰ পিছতে মায়ঙৰ দুজন সাংবাদিকক ফোনযোগে ভাবুকি দিছিল মন্ত্ৰী পীযুষ হাজৰিকাই ।

পীযুষ হাজৰিকাক গ্ৰেপ্তাৰৰ দাবীত লংকাত সাংবাদিকৰ প্ৰতিবাদ

মন্ত্ৰী গৰাকীক গ্ৰেপ্তাৰৰ দাবীত শনিবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে । লংকা সাংবাদিক সন্থাৰ উদ্যোগতো প্ৰতিবাদ সাব্যস্ত কৰা হয় । অৱস্থান ধৰ্মঘটৰ জৰিয়তে সাংবাদিকসকলে এই ঘটনাক গৰিহণা দিয়াৰ লগতে মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰৰ দাবী তোলে ।

লগতে পঢ়ক:এজাক ধুমুহাই ভাঙি পেলালে লাহোৱাল উপ স্বাস্থ্যকেন্দ্ৰ

ABOUT THE AUTHOR

...view details