হোজাই, 27 জুন :সমগ্ৰ দেশতে মহামাৰী কৰ'ণাই কাঢ়ি নিলে বহুতৰে প্ৰাণ ৷ কৰ'ণাৰ প্ৰথম ঢৌৰ পাচতে কাল ৰূপ ধাৰণ কৰা দ্বিতীয় ঢৌৱে এফালৰ পৰা কোঙা কৰি গ'ল মানৱ জাতিক ৷ খাদ্য-বস্ত্ৰৰ অভাৱৰ লগতে আপোনজনক হেৰুৱাই দিগ-বিদিগ হেৰুৱাইছে অজস্ৰজনে ৷ সমগ্ৰ দেশৰ লগতে ৰাজ্যতো কাল কৰ'ণা (Corona)ই অনাথ কৰিলে বহু শিশুক ৷ নিমিষতে তচনচ কৰি পেলালে বহু শিশুৰ ফুলকুমলীয়া সপোনবোৰ ৷
তেনে এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে হোজাই জিলাৰ লংকা পানচালিত ৷ ভাৰতীয় সেনা বাহিনীত কৰ্মৰত বাবা সেনা সিং আৰু তেওঁৰ পত্নী নিৰ্মলা দেৱী কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱাত অনাথ হ'ল তেওঁলোকৰ দুই সন্তান ৷ উত্তৰ প্ৰদেশত কিছুদিনৰ আগলৈকে ভাৰতীয় সেনা জোৱান ৰূপে কৰ্মৰত বাবা সেনা সিং অৱসৰলৈ ঘৰলৈ ওভতি অহাৰ পাচতে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে ৷ মাথো এমাহৰ ভিতৰতে বাবা সেনাৰ পত্নীৰো কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱাত ঘোৰ অমানিশা নামি আহে দুই কণমানিৰ জীৱনলৈ ৷