অসম

assam

প্ৰথমে কা’ এতিয়া আকৌ হিন্দী ভাষা জাপি দিছে চৰকাৰে : ৰকিবুল হুছেইন

By

Published : Apr 10, 2022, 10:52 PM IST

হোজাইত আয়োজন কৰা কংগ্ৰেছ দলৰ এক দলীয় সভাত উপস্থিত থাকে বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইন ৷ এই সভাত অংশগ্ৰহণ কৰি অসমত দশম শ্ৰেণীলৈকে হিন্দী ভাষাটোক বাধ্যতামূলক (Hindi being compulsory subject) কৰা সন্দৰ্ভটো প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনে ।

প্ৰথমে কা’ এতিয়া আকৌ হিন্দী ভাষা জাপি দিছে চৰকাৰে : ৰকিবুল হুছেইন
প্ৰথমে কা’ এতিয়া আকৌ হিন্দী ভাষা জাপি দিছে চৰকাৰে : ৰকিবুল হুছেইন

হোজাই, 10 এপ্ৰিল : ‘‘কা’ জাপি দি ৰাজ্য চৰকাৰে ৰাজ্যবাসীক অতিষ্ঠ কৰিছে ৷ কা’ৰ দৰে হিন্দী ভাষাও জাপি দিব বিচাৰিছে চৰকাৰে ৷ এই ক্ষেত্ৰত ৰাইজ নিজে সজাগ হোৱাৰ প্ৰয়োজন’’ ৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনে ৷

দেওবাৰে হোজাই জিলাৰ ডবকাত বিৰোধী দলৰ উপ দলপতি তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে দলীয় সতীৰ্থ সকলৰ লগত এক আলোচনাত মিলিত হয় ৷ দলীয় আলোচনাৰ অন্তত বিৰোধী দলৰ উপ দলপতি গৰাকীয়ে অসমত দশম শ্ৰেণীলৈকে হিন্দী ভাষাটোক বাধ্যতামূলক কৰা সন্দৰ্ভটো নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (Rakibul Hussain reaction on Hindi compulsion) ৷

লগতে পঢ়ক :বাধ্যতামূলকভাৱে হিন্দী ভাষা জাপি দিয়াৰ তীব্ৰ বিৰোধিতা কৃষক সভাৰ

লগতে তেওঁ কয় যে, শাসনৰ বাঘজৰী বিজেপিৰ হাতত দিয়াৰ বাবেই নিজ খেয়াল খুচি মতে সকলো কাম কৰি গৈছে দলটোৱে ৷ প্ৰথমে অসমৰ ৰাইজৰ ওপৰত কা' জাপি দিলে আৰু এতিয়া আকৌ হিন্দী ভাষা (Hindi being compulsory subject) জাপি দিবলৈ ওলাইছে ৷ এনেদৰেই অসমীয়া ভাষা-সংস্কৃতিক বিজেপিয়ে বিলুপ্ত কৰাৰ চেষ্টা চলাইছে ৷

প্ৰথমে কা’ এতিয়া আকৌ হিন্দী ভাষা জাপি দিছে চৰকাৰে : ৰকিবুল হুছেইন

সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰে বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনে ৷ আনহাতে ডবকা পৌৰ সভা গঠনৰ ক্ষেত্ৰত কংগ্ৰেছে, এ আই ইউ ডি এফৰ সহায় ল’ব নেকি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ বিষয়টোৰ পৰা ফালৰি কাটি কয় যে, নগাঁও আৰু দৰং জিলা পৰিষদ গঠনত মিত্ৰজোঁটে, এ আই ইউ জি এফৰ সহায় লৈছে ৷ সেই প্ৰশ্ন আজিলৈকে কোনো কৰা নাই ৷

লগতে পঢ়ক :দশম শ্ৰেণী পৰ্যন্ত হিন্দী ভাষা বাধ্যতামূলক কৰাৰ বিৰোধিতা কুলধৰ শইকীয়াৰ

ABOUT THE AUTHOR

...view details