হোজাই, ২৮ ডিচেম্বৰ: হোজাই জিলা লংকাত চিলপেক বটলৰ ভিতৰত ওলাইছে শেলাই সদৃশ বগা গেদ । ঘটনা অনুসৰি লংকাৰ খংখং গাঁৱৰ আব্দুল নুৰ নামৰ এজন ক্ষুদ্ৰ ব্যৱসায়ীয়ে তেওঁৰ গেলামাল দোকানত বিক্ৰী কৰিবৰ বাবে লংকাৰ RAIN নামৰ পানী কোম্পানীটোৰ পৰা কেইবা কাৰ্টুন পানীৰ বটল ক্ৰয় কৰিছিল । পাচত আব্দুলে দোকানত RAIN পানী বটল গ্ৰাহকক বিক্ৰী কৰোতেই ধৰা পৰিল পানী বটলত আৱৰ্জনা সদৃশ বগা গেদ । তাৰ পাচতেই আব্দুলে ততাতৈয়াকৈ RAIN কোম্পানীটোত অভিযোগ দিয়ে যদিও সহায় কৰাৰ বিপৰীতে পানী কোম্পানীটোৰ কৰ্তৃপক্ষই আব্দুলক দাবী ধমকিহে দিয়ে । কোম্পানীটোৰ এনে ব্যৱহাৰত আব্দুলে উপায়বিহীন হৈ RAIN কোম্পানীৰ বিৰুদ্ধে লংকা আৰক্ষী থানাত দাখিল কৰে এক এজাহাৰ ।
হোজাইত পানীৰ বটলত ওলাইছে বগা শেলাই সদৃশ গেদ - গেলামাল দোকানত বিক্ৰী কৰোতে ধৰা পৰে
পানীৰ বটলত ওলাইছে বগা শেলাই সদৃশ গেদ । আব্দুল নুৰ নামৰ এজন ক্ষুদ্ৰ ব্যৱসায়ীয়ে তেওঁৰ গেলামাল দোকানত বিক্ৰী কৰোতে ধৰা পৰে এই বগা শেলাই ।

পানীৰ বটলত ওলাইছে বগা শেলাই সদৃশ গেদ