অসম

assam

ETV Bharat / state

আত্মীয়ৰ কু-অভিসন্ধি : পৰিকল্পিতভাৱে গণৰোষত পেলালে দিলোৱাৰক - billbagan police

উৰা বাতৰিক কেন্দ্ৰ কৰি হোজাই জিলাৰ নীলবাগান অঞ্চলত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷ ঘটনাৰ বিৱৰণ অনুসৰি উৰা বাতৰিৰ প্ৰভাৱত এজন লোকক খেদি খেদি প্ৰহাৰ কৰে একাংশ লোকে ৷

নীলবাগানত গণ আক্ৰমণৰ বলি এজন লোক
নীলবাগানত গণ আক্ৰমণৰ বলি এজন লোক

By

Published : Apr 12, 2021, 7:39 AM IST

হোজাই, 12 এপ্ৰিল : ডকমকা কাণ্ডৰ পুনৰাবৃত্তিৰ পৰা কথমপি ৰক্ষা পৰিল হোজাইৰ নীলবাগান। কিয়নো উৰা বাতৰিক কেন্দ্ৰ কৰি হোজাই জিলাৰ নীলবাগান অঞ্চলত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷

ঘটনাৰ বিৱৰণ অনুসৰি উৰা বাতৰিৰ প্ৰভাৱত এজন লোকক খেদি খেদি প্ৰহাৰ কৰে একাংশ লোকে ৷ স্থানীয় লোকে সদৰি কৰা মতে এজন চালকৰ ডিঙি কাটি গাড়ী চুৰি কৰা বুলি দিলোৱাৰ হুছেইন নামৰ এজন লোকৰ বিৰুদ্ধে উৰা বাতৰি বিয়পাই দিছিল আন এজন লোকে ৷ ইয়াৰ পাচতে একাংশ স্থানীয় লোক উত্তেজিত হৈ পৰে আৰু খেদি খেদি লোক জনক আটক কৰি শাৰিৰীক আক্ৰমণ কৰে ৷

গণ আক্ৰমণৰ বলি হোৱা দিলোৱাৰ হুছেইনৰ ঘৰ লংকাৰ উদালীত বুলি জানিব পৰা গৈছে। গিয়াছ উদ্দিন আৰু মইন উদ্দিন নামৰ দুজন লোকে দিলোৱাৰ হুছেইনৰ বিৰুদ্ধে গাড়ী চুৰিৰ উৰা বাতৰি বিয়পাই দিছিল । উৰা বাতৰিৰ বিয়পোৱা গিয়াছ উদ্দিন আৰু মইন উদ্দিনৰ ঘৰ পশ্চিম নীলবাগানত বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷

খেদি খেদি ৰাইজে প্ৰহাৰ কৰিলে দিলোৱাৰক

উল্লেখ্য যে, একাংশ সচেতন লোকে সদৰি কৰা মতে এই সমগ্ৰ ঘটনা পৰিকল্পিতভাৱে সংঘটিত কৰা হৈছে । টকাৰ লেনদেনক লৈ দুই শালপতিৰ মাজত সংঘঠিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ৷ উত্তপ্ত পৰিস্থিতিৰ সময়ত দিলোৱাৰ হুছেইনৰ পত্নীয়ে ৰাজপথত বাগৰি বাগৰি স্বামীৰ প্ৰাণৰ ভিক্ষা বিছাৰিছিল ৷ সম্পূর্ণ পৰিকল্পিত ভাৱে সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনাটো ৷

অৱেশষত নীলবাগান আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে দিলোৱাৰ হুছেইন নামৰ যুৱকজনক। লগতে কপিল উদ্দিন আৰু গিয়াছ উদ্দিন নামৰ দুজন লোকক আটক কৰে নীলবাগান আৰক্ষীয়ে ৷ দিলোৱাৰ হুছেইন নামৰ উদালীৰ লোকজনক আক্ৰমণ কৰি থকাৰ সময়তে দিলোৱাৰ হুছেইনৰ মাতৃ আৰু পত্নীয়ে চিঞৰি চিঞৰি ঘটনাৰ বিৱৰণি দিয়ে । কপিল উদ্দিন নামৰ নিজ খুলশালীয়ে পৰিকল্পিতভাৱে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ কৰে মাতৃ আৰু পত্নীয়ে ৷

নীলবাগান আৰক্ষীয়ে ঘটনাস্থলীৰ পৰাই কপিল উদ্দিন আৰু গিয়াছ উদ্দিনক আটক কৰিবলৈ সক্ষম হয় যদিও মইন উদ্দিন নামৰ লোকজনে পলায়ন কৰে। আটক কৰা কপিল উদ্দিন নামৰ লোকজনৰ ঘৰ তাৰকাটা গাঁৱত ৷

লগতে পঢ়ক: স্থানান্তৰ নহয় টাটা টীৰ কাৰ্যালয়

ABOUT THE AUTHOR

...view details