হোজাই,১ মে: চুমিলা ৰংহাংপীৰ ৰহস্যজনক মৃত্যুকলৈ এতিয়াও ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে । উচিত তদন্তৰ লগতে দোষীক শাস্তিৰ দাবীত বিভিন্ন দল-সংগঠনে তীব্ৰ আন্দোলন অব্যাহত ৰাখিছে । ইয়াৰ মাজতে হোজাইত চুমিলাৰ আত্মাৰ সদগতিৰ প্ৰাৰ্থনা কৰি বন্তি প্ৰজ্বলন কৰা হয় ।
চুমিলা ৰংহাংপীৰ আত্মাৰ সদগতিৰ বাবে হোজাইত বন্তি প্ৰজ্বলন - sumila murder case
ৰহাত কাৰ্বি আংলৰ জীয়ৰী চুমিলা ৰংহাংপীৰ ৰহস্যজনক মৃত্যুক লৈ প্ৰতিবাদ অব্যাহত আছে ৰাজ্যত । হোজাই জিলাত সদৌ অসম ট্ৰাইবেল সংঘৰ উদ্যোগত বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
![চুমিলা ৰংহাংপীৰ আত্মাৰ সদগতিৰ বাবে হোজাইত বন্তি প্ৰজ্বলন protest justice for sumila](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11601159-297-11601159-1619852638780.jpg)
চুমিলা ৰংহাংপীৰ আত্মাৰ সদগতিৰ বাবে হোজাইত বন্তি প্ৰজ্বলন
বৰবহাত সদৌ অসম ট্ৰাইবেল সংঘৰ হোজাই জিলা সমিতিৰ উদ্যোগত বন্তি প্ৰজ্বলন কৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰায় শতাধিক এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি দোষীক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে শাস্তি প্ৰদান কৰি দুৰ্ভগীয়া ছাত্ৰীগৰাকীৰ পৰিয়ালটোক ন্যায় প্ৰদান কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনায় ।
লগতে পঢ়ক:চুমিলা ৰংহাংপীৰ হত্যাকাৰীৰ ফাঁচিৰ দাবী বঙাইগাঁও জিলা ট্ৰাইবেল সংঘৰ