হোজাই, 5এপ্ৰিল :সোমবাৰে উত্তাল হ’ল লংকা ৰেল’ৱে প্লেটফৰ্ম ৷ শতাধিক মহিলাই ৰে’ল আৰক্ষী আৰু ডালমিয়া চিমেণ্টৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷
উল্লেখ্য যে, বিগত কেইবছৰ মান ধৰি লংকা ৰেল’ৱে ইয়াৰ্দত ডালমিয়া চিমেণ্টৰ ফ্লাইচ লোডিং আনলোডিং কৰাৰ ফলত সমগ্ৰ অঞ্চলটো ধূলিৰে আবৰি ৰাখিছে ৷ যাৰ ফলত লংকাবাসীয়ে বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগাত পৰিছে ৷ উপায়ন্তৰ হৈ লংকা ৰেল’ৱে প্লেটফৰ্মত শতাধিক মহিলাই সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷