হোজাই, 12 ছেপ্তেম্বৰ :হোজাই জিলা লংকাৰ জুঠাংবস্তিত এগৰাকী ৭ বছৰীয়া ছাত্ৰীৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা ঘটনাৰ ৩ দিন অতিক্ৰম কৰাৰ পিছতো উদালী আৰক্ষীয়ে অভিযুক্তক কৰায়ত্ত নকৰাত বৃহস্পতিবাৰে সহস্ৰাধিক জনতাই উদালী থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে এই ঘটনাৰ অভিযুক্ত জাবেদ আহমেদ,জাহিদ আহমেদ ,জাহিৰুল ইছলাম আৰু পাৰবিন বেগমৰ বাসগৃহত উপস্থিত হৈ পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলাৰ লগতে বাসগৃহত আক্ৰমণ চলায় । এই দৰেই বহু সময় ধৰি পৰিস্থিতি উত্তপ্ত হৈ থকাত পিছত হোজাই জিলাৰ উপ আৰক্ষী অধীক্ষক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ৷ ইফালে স্হানীয় ৰাইজে থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰি থকা সময়তেই পাৰবিন বেগমে নিজৰ গৃহত জুই সংযোগ কৰি ৰাইজক দোষ জাপি দিয়াৰ চেষ্টা কৰে যদিও আৰক্ষী আৰু অগ্নিনিৰ্বাপনৰ বাহিনীৰ প্ৰচেষ্টাত জুই নমুৱাবলৈ সক্ষম হয় ৷ ঘটনা সন্দৰ্ভত অভিযুক্ত পাৰবীন বেগম আৰু তেওঁৰ পৰিয়াল অতীতৰ পৰাই অপৰাধজনিত ঘটনাৰ লগত জড়িত থকাৰ লগতে মন গলেই যাৰে তাৰে ওপৰত থানাত এজাহাৰ দাখিল কৰি স্হানীয় ৰাইজক অতিষ্ঠ কৰি আহিছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷
হোজাইৰ লংকাৰ এগৰাকী ছাত্ৰীৰ মৃত্যুৰ অভিযুক্ত গ্ৰেপ্তাৰ কৰাৰ দাবীত ৰাইজৰ প্ৰতিবাদ - অভিযুক্তক কৰায়ত্ত নকৰাত উদালী থানা ঘেৰাও সহস্ৰাধিক জনতাৰ
হোজাই জিলা লংকাৰ জুঠাংবস্তিত ছাত্ৰীৰ ৰহস্যজনক মৃত্যু হোৱা ঘটনা তিনি দিন পিছতো অভিযুক্তক কৰায়ত্ত নকৰাত উদালী থানা ঘেৰাও সহস্ৰাধিক জনতাৰ
উল্লেখ যোগ্য যে হোজাই জিলা লংকাৰ জুঠাংবস্তিত এগৰাকী ৭ বছৰীয়া ছাত্ৰীৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল ৷ যোৱা সোমবাৰে বিদ্যালয়ৰ পৰা ঘৰলৈ অহাৰ পিছতেই নিৰুদ্দেশ হৈ পৰিছিল চুমায়া বেগম নামৰ ৭ বছৰীয়া ছাত্ৰী গৰাকী । পিছত,এটা পুখুৰীত ওপঙি থকা অৱস্থাত ছাত্ৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই সমগ্ৰ ঘটনাটোত অধিক ৰহস্যৰ সৃষ্টি কৰিছে ৷ পৰিয়ালৰ সন্দেহ ধৰ্ষণ কৰি হত্যা কৰা হৈছে চুমায়াক । এই সন্দৰ্ভত প্ৰতিবেশী জাবেদ আহমেদ,জাহিদ আহমেদ ,জাহিৰুল ইছলাম আৰু পাৰবিন বেগমৰ বিৰুদ্ধে হোজাই জিলা আৰক্ষী অধীক্ষক ওচৰত এক এজাহাৰ দাখিল কৰিছিল ভুক্তভোগী পৰিয়ালটোৱে ৷ উল্লেখ যোগ্য যে,বিদ্যালয়ৰ পৰা ঘৰলৈ অহাৰ পিছত জাবেদ আহমেদ আৰু জাহিদ আহমেদৰ সৈতে খেলিবলৈ বুলি উলাই গৈছিল চুমায়া ৷ তাৰে পিছত পৰা নিৰুদ্দেশ হৈ পৰিছিল ছাত্ৰী গৰাকী ।