অসম

assam

ETV Bharat / state

হোজাইত জুৱা খেল বন্ধ কৰাৰ দাবীৰে উত্তাল প্ৰতিবাদ - protest against gambler

জুৱা খেলক বাধা দিয়াই কাল হ’ল এখন গাঁৱৰ ৰাইজৰ । বাধা দিবলৈ যোৱা ৰাইজৰ ওপৰত মহিলাৰ দ্বাৰা তৰিলে গোচৰ ৷ এই ঘটনা সংঘটিত হোৱাৰ পাছতেই ডবকাৰ দক্ষিণ আশীনগৰত সৃষ্টি হৈছে চাঞ্চল্য ৷

হোজাইত জুৱা খেল বন্ধ কৰাৰ দাবীৰে উত্তাল প্ৰতিবাদ
হোজাইত জুৱা খেল বন্ধ কৰাৰ দাবীৰে উত্তাল প্ৰতিবাদ

By

Published : May 25, 2021, 10:49 PM IST

হোজাই, 25 মে' :জুৱা খেল বন্ধ কৰাৰ বাবে হোজাইত প্ৰতিবাদ সাব্য়স্ত কৰে একাংশ ৰাইজে ৷ বাধা দিবলৈ যোৱা প্ৰতিবাদী ৰাইজৰ ওপৰত মহিলাৰ দ্বাৰা জুৱাৰী সকলে গোচৰ তৰে ৷ এই ঘটনাৰ পাছতেই ডবকাৰ দক্ষিণ আশীনগৰত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ৰাইজৰ অভিযোগ অনুসৰি ডবকাৰ দক্ষিণ আশীনগৰৰ ঋষী কেশ্বৰ ঘৰত চলি আহিছে জুৱাৰ এক বৃহৎ ৰমৰমীয়া আড্ডা ৷

সম্প্ৰতি জুৱা খেলৰ দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ৷ আৰক্ষীৰ বাধাকো কেৰেপ নকৰে জুৱাৰীৰ দলটোৱে ৷ গুৰুত্ব নিদিয়ে চৰকাৰী গাঁওবুঢ়াক, নামানে ৰাইজৰ বাধাক ৷ লংকা, ডবকা, কঠিয়াতলী আদি বিভিন্ন ঠাইৰ জুৱাৰী সকলে জুৱা খেলত ভাগ লোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ হোজাই আৰক্ষী অধীক্ষকৰ জৰিয়তে এই অসামাজিক কাৰ্য বন্ধ কৰাৰ দাবী জনাইছে শতাধিক ৰাইজে ।

হোজাইত জুৱা খেল বন্ধ কৰাৰ দাবীৰে উত্তাল প্ৰতিবাদ

উঠি অহা নৱ প্ৰজন্মৰ জীৱন ধ্বংস হোৱাৰ পূৰ্বেই এই অসামাজিক কাৰ্য বন্ধৰ দাবী জনায় প্ৰতিবাদী ৰাইজে । মুকলিকৈ তীৰ-জুৱাৰ আড্ডাৰ দৃশ্য ম'বাইলত বন্দী কৰিবলৈ যোৱা ৰাইজক দাবী ধমকি প্ৰদান কৰে জুৱাৰীসকলে ৷ অসামাজিক কাৰ্যক বাধা দিবলৈ যোৱা কেবাজন ব্যক্তিৰ ওপৰত ডবকা থানাত গোচৰ ৰুজু কৰে জুৱাৰ আড্ডা চলা ঘৰখনৰ এগৰাকী মহিলাই ৷

প্ৰতিবাদকাৰীসকলৰ ওপৰত মহিলাক অপদস্থ কৰাৰ অভিযোগ তুলি গোচৰ দিয়া হৈছে বুলি জানিব পৰা গৈছে ৷ ইফালে তীৰ জুৱা খেলত বাধা দিয়া যুৱকৰ সৈতে উক্ত জুৱা খেলৰ ঘাটিৰ মহিলাৰ সৈতে তৰ্কা তৰ্কিত লিপ্ত হোৱা ভিডিঅ'ও ভাইৰেল হৈছে সামাজিক মাধ্যমত ৷ জানিব পৰা মতে, ঋষিকেষৰ লগতে এটা চক্ৰই দৈনিক খেলৰ নামত ২ হাজাৰ টকাকৈ ধন লয় বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

মঙলবাৰে নীলবাগানৰ আশীনগৰ গাঁৱত স্থানীয় সচেতন যুৱকে তীৰ, জুৱা, মদ আদিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে জুৱা খেল বন্ধ কৰক ৷ তীৰ খেলা বন্ধ কৰক ৷ অসামাজিক কাৰ্য বন্ধ কৰক আদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

লগতে পঢ়ক :উত্তৰ পূৱৰ প্ৰৱেশদ্বাৰ শ্ৰীৰামপুৰত উপস্থিত মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details