হোজাই, 19 জানুৱাৰীঃহোজাইৰ সদৰ শংকৰদেৱ নগৰত নাগৰিকত্ব সংশোধনী আইন(২০১৯) বিৰোধী প্ৰতিবাদ ৷ যৌথ সংগ্ৰামী মঞ্চৰ উদ্যোগত দেওবাৰে নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে অনুষ্ঠিত হয় এক বৃহৎ গণ সমাবেশ ৷ গণ সমাবেশস্থলীত সমবেত সকলে বিভিন্ন শ্ল'গানেৰে আইনখন বাতিল কৰিবলৈ অন্তিমবাৰলৈ সকীয়াই দিয়ে ৷ আইনখন বাতিল নকৰিলে বিজেপি চৰকাৰক যমুনা নৈত উটুৱাই দিবলৈ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷
বিধায়ক শিলাদিত্যৰ গৃহ জিলাত ৰণ হুংকাৰ - যৌথ সংগ্ৰামী মঞ্চ
হোজাইত যৌথ সংগ্ৰামী মঞ্চৰ উদ্যোগত দেওবাৰে নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে অনুষ্ঠিত হয় এক বৃহৎ গণ সমাবেশ ৷ সমাৱেশত সাংবাদিক অজিত কুমাৰ ভুঞা, সাংবাদিক অদীপ কুমাৰ ফুকনৰ উপৰিও উপস্থিত থাকে বহু কেইগৰাকী গণ্য-মান্য ব্যক্তি ৷
![বিধায়ক শিলাদিত্যৰ গৃহ জিলাত ৰণ হুংকাৰ ৰণ হুংকাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5768432-15-5768432-1579454427787.jpg)
বিধায়ক শিলাদিত্যৰ গৃহ জিলাত ৰণ হুংকাৰ
বিধায়ক শিলাদিত্যৰ গৃহ জিলাত ৰণ হুংকাৰ
সমাবেশত সাংবাদিক অজিত কুমাৰ ভুঞা, সাংবাদিক অদীপ কুমাৰ ফুকন, জিয়াউৰ ৰহমান, অধিবক্তা ৰোহিনা ৱাৰিছে ভাষণ প্ৰদান কৰি সোণোৱাল আৰু মোডী চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ আনহাতে, বিতৰ্কিত বিধায়ক শিলাদিত্যৰ দেৱৰ গৃহ জিলাতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দহ সহস্ৰাধিক জনতাই ৰণ হুংকাৰ দিয়া বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ৷
আৰু পঢ়কঃ কাজিৰঙা ৰিজৰ্টৰ পৰা আটক ধৰ্ষণ কাণ্ডত অভিযুক্ত মোজ্জামিল হক