হোজাই, 8 জুন :বুধবাৰে গৰকাপ্তানী বিভাগৰ আৱর্ত ভৱনত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু কাৰ্বি আংলং বেংগলী সমাজৰ (Karbi Anglong Bangali Samaj)যৌথ উদ্যোগত আয়োজন কৰা হয় এখনি সংবাদমেলৰ(Pressmeet of All Assam Bengali Youth Student Federation) ৷ এই সংবাদমেলত উপস্থিত থাকে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশনৰ কেন্দ্ৰীয় সভাপতি দীপক দে'ৰ লগতে কেইবাগৰাকীও দলীয় কৰ্মী ৷
ইফালে, এই সংবাদমেলৰ জৰিয়তে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশনৰ কেন্দ্ৰীয় সভাপতি দীপক দে'ই কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত হাওৰাঘাট সমষ্টিৰ পৰা এজন হিন্দু বাংগালী লোকক বিজেপি দলে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা তথা বিজেপিলৈ ধন্যবাদ জ্ঞাপন কৰে ৷