হোজাই, 27 জুলাইঃহোজাইৰঐতিহ্যমণ্ডিত জয়নগৰ মাদ্ৰাছাত চুৰিকাণ্ডক লৈ সৰৱ সচেতন মহল ৷ মাদ্ৰাছা পৰিচালনা সমিতিৰ গাফিলতিত চুৰিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ ৷ মাদ্ৰাছাৰ সন্মুখতেই সংবাদমেল যোগে মাদ্ৰাছা পৰিচালনা সমিতিলৈ সন্দেহৰ আঙুলি দেখুৱাই একাংশ ৰাইজৰ ৷
উল্লেখ্য যে,হোজাই জিলাৰ জয়নগৰ মাদ্ৰাছাত কেইদিনমানপূৰ্বে সংঘটিত হৈছিল এক চাঞ্চল্যকৰ চুৰিকাণ্ড ৷ সেইনিশা মাদ্ৰাছাৰ সন্মুখত থকা দানপাত্ৰৰ বাকচ ভাঙি চোৰে লুট কৰি নিয়ে বৃহৎ পৰিমানৰ ধন ৷ উক্ত চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছত মোৰাঝাৰ আৰক্ষীয়ে মাদ্ৰাছাখনত নৈশ পহৰাৰ দায়িত্বত থকা তিনিজনকৈ নিশা পহৰাদাৰক আটক কৰি জেললৈ প্ৰেৰণ কৰে ৷