হোজাই, 12 আগষ্ট : ক'ভিড সৃষ্ট পৰিবেশৰ মাজতে ভাৰতবাসীয়ে এইবাৰ পালন কৰিব 75 তম স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱসৰ উপলক্ষে দেশ তথা ৰাজ্যৰ বিভিন্ন স্থানত চলোৱা হৈছে ব্যাপক প্ৰস্তুতি ৷ আন আন জিলাৰ সমান্তৰালভাৱে হোজাই জিলাটো তীব্ৰ গতিত চলিছে স্বাধীনতা দিৱসৰ প্ৰস্তুতি ।
হোজাই জিলা প্ৰশাসনৰ উদ্যোগত জিলাৰ সদৰৰ গান্ধী মৈদানৰ খেল পথাৰত পালন কৰিবলৈ লোৱা হৈছে স্বাধীনতা দিৱস ৷ ইয়াৰ লগত সংগতি ৰাখি অসম আৰক্ষীৰ তৰফৰ পৰা জিলাখনত কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি সম্পূৰ্ণ ক'ভিড প্ৰট'কল পালন কৰি হোজাই জিলাত উদযাপন কৰা হ'ব স্বাধীনতা দিৱস ৷
স্বাধীনতা দিৱসৰ বাবে সম্পূৰ্ণৰূপে সাজু হোজাই প্ৰশাসন লগতে পঢ়ক:বিজেপিলৈ যাব কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ !
এই বিষয়ত হোজাই জিলাৰ উপ-আৰক্ষীৰ অধীক্ষক পণজিৎ দুৱৰাই কয়, ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে হোজাই জিলাটো স্বাধীনতা দিৱসৰ প্ৰস্তুতি চলাই থকা হৈছে ৷ স্বাধীনতা দিৱসৰ দিনা জিলাখনত যাতে কোনো ধৰণৰ কূটাঘাত সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনৰ ফালৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তত নাকা তালাচী অব্যাহত ৰখা হৈছে ৷
'ক'ভিড প্ৰট'কলৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এইবাৰ 75 তম স্বাধীনতা দিৱস উদযাপনৰ ব্যৱস্থা কৰা হৈছে ৷ হোজাই জিলাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মাত্ৰ 500 লোকহে সমবেত হোৱাৰ বাবে অনুমতি প্ৰদান কৰা হৈছে ৷' সাংবাদিকৰ আগত এই কথা জানিবলৈ দিয়ে আৰক্ষীৰ অধীক্ষক গৰাকীয়ে ৷
লগতে পঢ়ক:ম্যানমাৰত পিপলচ লিবাৰেচন আৰ্মীৰ দুটা ফৈদৰ সংঘৰ্ষত নিহত 6