হোজাই, 13 আগষ্ট: আগন্তুক ১৫ আগষ্টৰ স্বাধীনতা দিৱসক লৈ হোজাই জিলাখনত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে জিলাখনৰ আৰক্ষীয়ে (Full swing amid security in Hojai) । হোজাই জিলা আৰক্ষীৰ লগতে সস্তম হৈ উঠিছে জিলা পৰিবহণ বিভাগো ৷
হোজাইৰ লংকাৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৱা সকলো ধৰণৰ যানবাহনৰ ওপৰত তন্ন তন্নকৈ পৰীক্ষা কৰিছে জিলা পৰিবহণ বিভাগে । লগতে ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰা সকলো দুচকীয়া বাহনৰ আৰোহীয়ে হেলমেট পৰিধান কৰিছেনে নাই আৰু নথি পত্ৰ ঠিকেই আছে নে নাই সেয়াও নিৰীক্ষণ কৰা হৈছে ৷ তাৰোপৰি চাৰি চকীয়া বাহনৰ নথি পত্ৰ, চিট বেল্ট পৰিধান আদিও নিৰীক্ষণ কৰি আহিছে জিলা পৰিবহণ বিভাগে ।