হোজাই, ১৩ নৱেম্বৰ: এইবাৰ হোজাই(HOJAI)ৰ লংকাৰ বামুণগাঁৱত উদযাপন কৰা হ'ব শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ(Raas mahotsav)ৰ সোণালী জয়ন্তী বৰ্ষ । শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি । খোল, তাল, বাঁহীৰ সুমধুৰ সুৰত বৃন্দাবন সদৃশ পৰিৱেশ সৃষ্টি হৈছে আখৰাস্থলীত । বামুণগাঁৱৰ যুৱতী-বোৱাৰী সকলো ব্যস্ত হৈ পৰিছে ৰাসৰ আখৰাত ।
১৯৭২ চনতে লংকাৰ বামুনগাঁৱত এই ৰাস মহোৎসৱ আৰম্ভ হৈছিল । চাওতে চাওতে ৪৯ টা বছৰ পাৰ হৈ গ'ল । এইবেলি ৫০ বছৰ সম্পূৰ্ণ হ'ল বামুণগাঁৱৰ ৰাস মহোৎসৱৰ । এই বছৰো শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ উদযাপনৰ বাবে পূৰ্ণ্যদমে প্ৰস্তুতি চলা দেখা গৈছে হোজাইৰ বামুণগাঁৱত ।
১৮ আৰু ১৯ নৱেম্বৰত দুদিনীয়াকৈ শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ অনুষ্ঠিত কৰা হ'ব ।