হোজাই,১৬ জুন:হোজাইৰ ডবকাত উপস্থিত নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈ । ডবকাত উপস্থিত হৈ শিলসাঁকোৰ জিঞ্জাৰ হোটেলক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ প্ৰদ্যুত বৰদলৈয়ে । তেওঁ কয় যে, জিঞ্জাৰ হোটেলৰ মাটি যদি সঁচাকৈয়ে কংগ্ৰেছ চৰকাৰৰ দিনত দিয়া হৈছিল তেতিয়া গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ গতিকে তেওঁ নজনাৰ কথাই নাই ৷
লগতে তেওঁ উল্লেখ কৰে যে, যদি পূৰ্বৰ চৰকাৰে কিবা ভুল কৰিছে সেইয়া বৰ্তমানৰ চৰকাৰৰ শুধৰনি কৰাৰ ব্যৱস্থা আছে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডেৰশ বনাম পোন্ধৰ লাখ লোকৰ বিষয়ত সাংসদ প্ৰদ্যুত বৰদলৈয়ে মন্তব্য প্ৰকাশ কৰি কয় যে সামগ্ৰিকভাৱে সমাজৰ স্বাৰ্থৰক্ষা কৰাটো দৰকাৰ ৷ সমাজৰ দুখীয়া আৰু নিঃসহায় লোকৰ ওপৰত যেতিয়া এই সিদ্ধান্তটো বাহাল কৰে তেতিয়া মানৱীয় দিশটোও চাব লাগে ৷ উচ্ছেদ কৰাৰ পূৰ্বে কিবা এটা বিকল্প ব্যৱস্থা কৰিহে উচ্ছেদ কৰিব লাগে ৷ সমষ্টি বিলুপ্তকৰনক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদগৰাকীয়ে কয় যে সেইয়া তেওঁলোকৰ ৰাজনৈতিক বিষয় ৷