হোজাই, 26 জুনঃ বৃহস্পতিবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক ছূড়ান্ত পৰীক্ষাৰ ফলাফলত নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰ তথা পশ্চিম কাৰ্বি আংলঙৰ মাইলুৰ সুসন্তান আশীষ কুমাৰ গাৰ্গে বিজ্ঞান শাখাত পঞ্চম স্থান দখল কৰি অঞ্চলটোৰ লগতে সমগ্ৰ কাৰ্বি আংলঙলৈ গৌৰৱ কঢ়িয়াই আনিছে । শীৰ্ষ দহ স্থানৰ ভিতৰত নিজৰ নাম তথা নিজৰ জিলাখনৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা আশীষ কুমাৰ গাৰ্গ হৈছে মাইলু হাইস্কুলৰ প্ৰধান শিক্ষক বিষ্ণু ছেত্ৰী আৰু একেখন বিদ্যালয়ৰে শিক্ষয়ত্ৰী আৰতি দেৱীৰ একমাত্ৰ পুত্ৰ সন্তান । আশীষ কুমাৰ গাৰ্গৰ এনে সাফল্যত উৎফুল্লিত হৈছে সমগ্ৰ অঞ্চলবাসী ।
গাৰ্গে, সৰ্বমুঠ ৪৭৮ নম্বৰ অৰ্থাৎ ৯৫.৬% নম্বৰ লাভ কৰে ৷ মেধা ছাত্ৰজনে অধ্যয়নৰ লগতে ক্ৰিকেট খেলি আৰু বাদ্যযন্ত্ৰ বজায় ভাল পায় ।