হোজাই,২ ছেপ্তেম্বৰ :ৰাজ্যৰ ভিন্ন প্ৰান্ত উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় পোষণ মাহৰ । দেশজুৰি ১ ছেপ্তেম্বৰৰ পৰা মাহজোৰা কাৰ্যসূচীৰে পালন কৰা হ'ব এই কাৰ্যসূচী । বাকী জিলাসমূহৰ লগতেহোজাই জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ উদ্যোগতো ৰাষ্ট্ৰীয় পোষণ মাহ ২০২১ উদযাপন কৰা হয় ।
পুষ্টিহীনতা মুক্ত, ভাৰতৰ দিশে এখোজ শীৰ্ষক মূলমন্ত্ৰৰে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । উক্ত পোষণ মাহৰ লগত সংগতি ৰাখি প্ৰথম কাৰ্য্যসূচী হিচাপে পুৱা হোজাই জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সম্মুখত গছ পুলি ৰোপন কৰে জিলা উপায়ুক্তই । লগতে অঙ্গনবাড়ী কৰ্মীসকলক উদ্দেশ্যি পোষণ মাহৰ বিষয়বস্তুৰ ওপৰত বহুমূলীয়া ভাষণ ৰাখে হোজাই জিলাৰ উপায়ুক্ত গৰাকীয়ে ।