হোজাই, 30 জানুৱাৰী : 27 নং ৰাষ্ট্ৰীয় ঘাই পথৰ বৰ্তমানৰ অৱস্থাই প্ৰত্যেকজন পথচাৰী তথা যাতায়ত ব্যৱস্থালৈ এক শংকা কঢ়িয়াই আনিছে ৷ প্ৰায় এবছৰৰ পূৰ্বে ভূমিস্খলনত খহি যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ মেৰামতি কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণে আজিকোপতি ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল ৷ যাৰ বাবে বিপদসংকুল অৱস্থাত যান-বাহন সমূহে চলাচল কৰিবলগীয়া হৈছে ।
টোল গেটত কৰ দি কেনেদৰে 27 নং ৰাষ্ট্ৰীয় ঘাই পথত যাতায়ত কৰিব ? প্ৰাপ্ত তথ্য অনুসৰি হোজাই আৰু লামডিং সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা বৃহৎ অংশ ভূমিস্খলনত এবছৰৰ পূৰ্বে খহি গৈছিল ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ এই অংশ হঠাৎ খহি যোৱাত এবছৰে পথছোৱাৰ এটা দিশ বন্ধ কৰি আনটো দিশেৰে অব্যাহত ৰাখিছে যানবাহনৰ চলাচল ।
টোল গেটত কৰ দি কেনেদৰে 27 নং ৰাষ্ট্ৰীয় ঘাই পথত যাতায়ত কৰিব ? অতি বিপদসংকুলভাৱে এটা দিশেৰে যানবাহন চলাচল কৰি থকাৰ পিচতো পথছোৱা মেৰামতি কৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজৰ মাজত এতিয়া বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।
ইফালে, পথছোৱা মেৰামতি নকৰাকৈ কেৱল গাৰ্ড ৱাল নিৰ্মাণ কৰিয়েই দায়িত্ব সামৰা ঘাইপথ প্ৰাধিকৰণে হোজাই জিলাৰ ডবকা আৰু জিলাৰ সীমান্তৱৰ্তী ডিমা হাছাওৰ মান্দাৰদিছাত টোল গেট বহুৱাই প্ৰতিখন বাহনৰ পৰা কৰ সংগ্ৰহ কৰাকলৈয়ো এতিয়া ৰাইজৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে ৷
লগতে পঢ়ক: লাইকা-দধীয়াবাসীৰ পুনৰ সংস্থাপনৰ বাবে সাহাৰ্য্য ঘোষণা মুখ্যমন্ত্ৰীৰ