হোজাই,১৪ মাৰ্চ: সমাগত বিধানসভা নিৰ্বাচন । নিৰ্বাচনক লৈ তৎপৰ সকলো ৰাজনৈতিক দলৰ লগতে আৰক্ষী, জিলা প্ৰশাসন । সমান্তৰালকৈ হোজাই আৰক্ষীও বিধানসভা নিৰ্বাচনক লৈ তৎপৰ হোৱা পৰিলক্ষিত হৈছে । জিলাখনত সুচাৰুৰূপে নিৰ্বাচন অনুষ্ঠিত কৰাৰ লক্ষ্যৰে আৰক্ষীৰ ফুট পে’ট্ৰলিং আৰম্ভ ।
নিৰ্বাচনৰ বাবে সষ্টম হোজাই আৰক্ষী - জিলাখনত সুচাৰুৰূপে নিৰ্বাচন অনুষ্ঠিত কৰাৰ লক্ষ্যৰে আৰক্ষীৰ ফুড পেট্ৰলিং
হোজাইত সুচাৰুৰূপে নিৰ্বাচন অনুষ্ঠিত কৰাৰ লক্ষ্যৰে আৰক্ষীৰ ফুট পে’ট্ৰলিং আৰম্ভ । জিলাখনৰ তিনিটা বিধানসভা সমষ্টিত নিৰ্বাচন যাতে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায়, তাৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম হৈছে হোজাই জিলা আৰক্ষী প্ৰশাসন । জিলাখনৰ বিভিন্ন গাঁৱৰ সহজ-সৰল ভোটাৰক ভয়, শংকাৰ পৰা মুক্ত কৰি ৰাখিবলৈ আৰক্ষীয়ে লৈছে এই বিশেষ পদক্ষেপ ।
![নিৰ্বাচনৰ বাবে সষ্টম হোজাই আৰক্ষী হোজাই](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11003216-998-11003216-1615710931802.jpg)
জিলাখনৰ তিনিটা বিধানসভা সমষ্টিত নিৰ্বাচন যাতে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায় তাৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম হৈছে হোজাই জিলা আৰক্ষী প্ৰশাসন । শনিবাৰে হোজাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌতম কুমাৰৰ নেতৃত্বত হোজাই সমষ্টিৰ গাঁৱে-ভূঞে চিআৰপিএফ আৰু আৰক্ষীয়ে যৌথভাৱে আৰম্ভ কৰিছে ফুট পেট্ৰলিং । গাঁৱৰ সহজ-সৰল ভোটাৰক ভয়, শংকাৰ পৰা মুক্ত কৰি ৰাখিবলৈ আৰক্ষীয়ে লৈছে এই বিশেষ পদক্ষেপ । হোজাই অঞ্চলৰ নন্দপুৰ, মিলিকবস্তি, ৰাইকাটা, হাৱাইপুৰ অঞ্চলত আৰক্ষী আৰু চিআৰপিএফৰ বৃহৎ এটা দলে ফুড পেট্ৰলিং আৰম্ভ কৰে ।
লগতে পঢ়ক: অগপৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ