অসম

assam

ETV Bharat / state

হোজাই চহৰৰ প্ৰত্যেকখন দোকানত আৰক্ষীৰ অভিযান - হোজাই চহৰ

হোজাই চহৰখনৰ বজাৰত ঈদ উপলক্ষে বহু লোকৰ সমাগম হয় ৷ কাপোৰ কানি কিনিবলৈ গ্ৰাহকৰ হেতা-ওপৰা লাগে ৷ ফলত প্ৰত্যেকখন দোকানত আৰক্ষীয়ে গ্ৰাহকসকলে যাতে সামাজিক দুৰত্ব বজাই ৰাখে তাৰ বাবে সতৰ্ক কৰি দিয়াৰ উপৰিও মাস্ক পৰিধান নকৰা লোকক জৰিমনা বিহে ৷

ETV BHARAT
হোজাই চহৰৰ প্ৰত্যেকখন দোকানত আৰক্ষীৰ অভিযান

By

Published : May 24, 2020, 4:10 PM IST

হোজাই, 24 মেঃ হোজাই চহৰৰ প্ৰত্যেকখন দোকানত আৰক্ষীৰ অভিযান আৰম্ভ কৰিছে ৷ লক-ডাউনৰ প্ৰতি লক্ষ্য ৰাখিয়েই আৰক্ষীয়ে অব্যাহত ৰাখিছে এই অভিযান ৷

কাইলৈ মুছলিম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ঈদ ৷ এই ঈদ উদযাপনৰ বাবে ইতিমধ্যে চৰকাৰ প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নীতি-নিৰ্দেশনা ৷ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে মুছলিম সংখ্যালঘু ছাত্ৰ সন্থাৰ লগতে বিভিন্ন মুছলিম ধৰ্মীয় অনুষ্ঠানৰ মুৰব্বীসকলে ঈদৰ সমুহীয়া নামাজ বন্ধ কৰাৰ কথা সদৰী কৰিছে ৷

হোজাই চহৰৰ প্ৰত্যেকখন দোকানত আৰক্ষীৰ অভিযান

তেনে সময়তে, হোজাই চহৰত দেখা গ'ল এক বিপৰীত দৃশ্য ৷ চহৰৰ প্ৰত্যেকখন ব্যৱসায় প্ৰতিষ্ঠানতেই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৌতম কুমাৰ আৰু টাউন উপ পৰিদৰ্শকৰ নেতৃত্বত চলিছে এই অভিযান । কিয়নো ইতিমধ্যে চহৰখনৰ বজাৰত ঈদ উপলক্ষে বহু লোকৰ সমাগম হয় ৷ ফলত উপস্থিত লোকসকলে যাতে সামাজিক দুৰত্ব বজাই ৰাখে তাৰ বাবে প্ৰত্যেকখন দোকানতে আৰক্ষীয়ে তীক্ষ্ণ নজৰ ৰাখিছে ৷ লগতে ব্যৱসায়ীৰ লগতে মাস্ক পৰিধান নকৰা লোকক জৰিমনা বিহে আৰক্ষীয়ে ৷

লগতে পঢ়ক-ওদালগুৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

ABOUT THE AUTHOR

...view details