অসম

assam

By

Published : Jun 7, 2021, 10:06 PM IST

ETV Bharat / state

চিকিৎসক আক্ৰমণৰ অভিযুক্তক আটক কৰা আৰক্ষীক সম্বৰ্ধনা

হোজাইত চিকিৎসক আক্ৰমণৰ ঘটনাৰে জড়িত ২৮ জন অভিযুক্তক আৰক্ষীয়ে আটক কৰাৰ পাছতে সন্তুষ্টি প্ৰকাশ কৰিছে বিভিন্ন দল-সংগঠনৰ লগতে ৰাইজে । সোমবাৰে উদালী পহৰা চকীৰ আৰক্ষী বিষয়া, জোৱানক সম্বৰ্ধনা জনায় বিজেপি লংকা টাউন মণ্ডল, কিষাণ মৰ্চা, অনুসুচিত জনজাতি মৰ্চাৰ হোজাই জিলা সমিতি আৰু উদালীৰ একাংশ স্থানীয় ৰাইজে ।

Police felicitation
উদালী পহৰা চকীৰ আৰক্ষীক সম্বৰ্ধনা

হোজাই, ৭ জুন: কৰ্তব্যনিষ্ঠাৰ পৰিচয় দি চিকিৎসকক আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ নিশাই ২৪ জনকৈ অভিযুক্তক আটক কৰা আৰক্ষীৰ কামৰ শলাগ লৈছে হোজাইৰ বিভিন্ন দল-সংগঠনৰ লগতে অসমৰ ৰাইজে । অভিযুক্তকেইজনক আটক কৰাৰ ক্ষেত্ৰত হোজাই আৰক্ষী অধীক্ষকৰ নেতৃত্বত উদালী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তোলন চন্দ্ৰ দাসে বিশেষ ভূমিকা লৈছিল ।

সেয়ে, সোমবাৰে উদালী পহৰা চকী(UDALI PATROL POST)ৰ আৰক্ষী বিষয়া, জোৱানক সম্বৰ্ধনা জনায় কেইবাটাও দল-সংগঠন আৰু উদালীৰ একাংশ স্থানীয় ৰাইজে । উল্লেখ্য যে, হোজাইৰ লংকাৰ উদালী ক'ভিড কেয়াৰ কেন্দ্ৰ(COVID CARE CENTRE)ত গিয়াছউদ্দিন নামৰ এগৰাকী ক'ভিড আক্ৰান্ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি একাংশ লোকে ডাঃ সেউজ কুমাৰ সেনাপতি নামৰ এগৰাকী চিকিৎসকক বৰ্বৰভাৱে আক্ৰমণ কৰিছিল ।

উদালী পহৰা চকীৰ আৰক্ষীক সম্বৰ্ধনা

এই ঘটনাই তোলপাৰ লগাইছিল সমগ্ৰ ৰাজ্যত । ঘটনা সংঘটিত হোৱাৰ নিশাই ২৪ জন লোকক আটক কৰিছিল হোজাই আৰক্ষীয়ে । পৰৱৰ্তী সময়ত আৰক্ষীয়ে পুনৰ চাৰি গৰাকী অভিযুক্তক আটক কৰিছিল ৷ উদালী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তোলন চন্দ্ৰ দাসে কেইগৰাকীমান আৰক্ষী জোৱানক লৈ দক্ষতাৰে এজনৰ পাছত আনজন অভিযুক্তক আটক কৰে ৷

আগন্তুক দিনবোৰত যাতে আৰক্ষী বিষয়াগৰাকীয়ে অপৰাধীৰ বিৰুদ্ধে অধিক তৎপৰ হয়, তাৰ বাবে উৎসাহিত কৰিবলৈ সোমবাৰে বিজেপি লংকা টাউন মণ্ডল, কিষাণ মৰ্চা, অনুসূচিত জনজাতি মৰ্চাৰ হোজাই জিলা সমিতি আৰু উদালিৰ একাংশ স্থানীয় ৰাইজে আৰক্ষী বিষয়াগৰাকীকে ধৰি উদালী পহৰা চকীৰ আৰক্ষী জোৱানসকলক এখনকৈ গামোচাৰে অভিনন্দন জনায় ৷ আনহাতে, ফুলতলি কাণ্ডৰ লগত জড়িত আৰু ৪ গৰাকী অভিযুক্তক অতি শীঘ্ৰে আটক কৰা হ'ব বুলি আৰক্ষী বিষয়াজনে জানিবলৈ দিয়ে ।

লগতে পঢ়ক:সংকটৰ দিশে পিংগলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয়

ABOUT THE AUTHOR

...view details