হোজাই, 21 জানুৱাৰী : হোজাই জিলাৰ ডৱকা শোৱাঘাটত বৃহস্পতিবাৰে সন্ধিয়া এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷ ডাৱকাত ২৬ জানুৱাৰীৰ পূৰ্বে আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীৰ সময়তে এই উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷
স্থানীয় লোকে সদৰি কৰা মতে নিয়মীয়া তালাচী সময়তে আৰক্ষীক লক্ষ্য কৰি একাংশ লোকে আক্ৰমণ কৰে ৷ ঘটনা বিৱৰণ অনুসৰি তালাচী সময়ত একাংশ লোকে আৰক্ষীৰ লোকৰ সৈতে যুক্তি-তৰ্কত লিপ্ত হয় ৷ ইয়াৰ পিচতে পৰিস্থিতি এনে পৰ্যায় পায় যে একাংশ লোকে আৰক্ষীক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷