হোজাই, 25 জানুৱাৰী :হোজাই জিলাৰ লামডিং বনাঞ্চলৰ সমীপৰ বামুণগাঁও অঞ্চলত বন বিভাগে অভিযান চলাই এগৰাকী চোৰাং চিকাৰীক আটক কৰিছে ৷ বামুণগাঁও অঞ্চলত যুৱক গৰাকী ঘূৰি ফুৰা অৱস্থাত যুৱক জনৰ ওপৰত বন বিভাগৰ সন্দেহ উপজে ৷ ইয়াৰ পাছতে যুৱক গৰাকীক সোধ পোচ কৰি কিছু তথ্য লাভ কৰাৰ পাছত বন বিভাগে যুৱক গৰাকীক আটক কৰে ৷ ধৃতচোৰাং চিকাৰী জনৰ নাম আব্দুল হুছেইন বুলি জানিব পৰা গৈছে ৷
লামডিঙত চোৰাং চিকাৰী আটক - লামডিঙত চোৰাং চিকাৰী আটক
লামডিং বনাঞ্চলত বন বিভাগৰ অভিযান ৷ বন বিভাগৰ অভিযানত আটক এজন চোৰাং চিকাৰী ৷ আটকাধীন চোৰাং চিকাৰী জনৰ পৰা চৰাই ধৰা জাল, কপৌ চৰাই আৰু গছ কটা দা উদ্ধাৰ ৷ ধৃত যুৱক গৰাকীৰ নাম আব্দুল হুছেইন বুলি জানিব পৰা গৈছে ৷
poacher arrested in lumding
বন বিভাগে জানিবলৈ দিয়া মতে আটকাধীন আব্দুল হুছেইনৰ পৰা বন বিভাগে এখন চৰাই ধৰা জাল, চাৰিটা কপৌ চৰাই আৰু এখন গছ কটা দা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ জানিব পৰা মতে ধৃত আব্দুল হুছেইনক লংকা বন বিভাগৰ কাৰ্যালয়ত ৰাখি লংকা বন বিভাগে জেৰা অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক:বিলাসীপাৰাত চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান