হোজাই, 26 জানুৱাৰী :হোজাইত পৰিলক্ষিত হৈছে বিজেপিৰ অন্তঃকন্দল ৷ এখন ফলকক লৈ স্পষ্ট হৈ পৰিছে বিজেপিৰ এই গৃহ কন্দল ৷ হোজাই জিলাৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে লগোৱা ফলক ভাঙি সেই একে ঠাইতে ৰামকৃষ্ণ ঘোষে তেওঁৰ নামত আন এখন ফলক লগোৱাৰ অভিযোগ শিলাদিত্য দেৱৰ (Plaque exposes internal conflict in Hojai BJP)।
বুধবাৰে হোজাই জিলাৰ বৰ্তমানৰ বিধায়ক ৰামকৃষ্ণ ঘোষে এটা প্ৰেক্ষাগৃহৰ বাবে বিধায়ক পুজিৰ ধনৰ চেক বিতৰণ কৰি তেখেতৰ নাম খোদিত এক ফলক স্থাপন কৰে । লংকাস্থিত শ্ৰী শ্ৰী গোপাল আশ্ৰমৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে ৰামকৃষ্ণ ঘোষে আশ্ৰম কমিটিক এক লাখ টকাৰ চেক প্ৰদান কৰাৰ লগতে উদ্বোধন কৰে ফলকখন । উল্লেখ্য যে, শ্ৰী শ্ৰী গোপাল আশ্ৰমৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে শিলাদিত্য দেৱেও বিধায়ক হৈ থকা সময়তে সেই একেই স্থানতে তেখেতৰ নাম খোদিত এখন ফলক প্ৰতিস্থা কৰি আশ্ৰমলৈ প্ৰদান কৰিছিল পাঁচ লাখ টকাৰ চেক (Hojai ex MLA Shiladitya Dev) ।
কিন্তু জিলাখনৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে দিয়া আৰ্থিক অনুদানৰ কথা উল্লেখ থকা ফলকখন ভাঙি সেই একে স্থানতে হোজাইৰ বৰ্তমানৰ বিধায়ক ৰামকৃষ্ণ ঘোষে নিজৰ নাম খোদিত কৰি আন এখন ফলক স্থাপন কৰে । এই লা দলটোৰ ভিতৰচৰাত চৰ্চা চলি থকাৰ মাজতে এই প্ৰসংগত আমাৰ সাংবাদিকে বিধায়ক ৰামকৃষ্ণ ঘোষৰ পৰা প্ৰতিক্ৰিয়া জানিব বিচৰাত বিধায়ক গৰাকীয়ে কয় যে, বিষয়টো সম্পৰ্কে তেওঁ একেবাৰে জ্ঞাত নহয় ৷ লগতে তেখেতৰ অজ্ঞাতে এনে কাৰ্যৰ সৈতে জড়িত লোকক দিলে গৰিহণা (Hojai MLA Ramkrishna Ghosh) ৷