হোজাই,8 জুলাই: হোজাই জিলাৰ কপিলী ভেলী ৰেঞ্জৰ শিংগাড়ী বস্তিৰ সমীপৰ গামখান মন্দিৰৰ শতবাৰ্ষিকী উপলক্ষে অনুষ্টুপীয়াকৈ পালন কৰা হৈছে এক কাৰ্যসূচী ৷ মন্দিৰ কমিটিৰ উদ্য়োগত দক্ষিণ নগাঁও বন সংমণ্ডলৰ সহযোগত গছপুলি ৰোপণেৰে এই কাৰ্যসূচী পালন কৰা হয় । উক্ত কাৰ্যসূচীত উপস্থিত থাকে দক্ষিণ নগাঁও বন সংমণ্ডলৰ প্ৰাধিকাৰী বিষয়া পুলক চৌধুৰীৰ লগতে এচিএছ বিষয়া চম্পক ডেকা ৷ বিষয়া দুগৰাকীৰ উপস্থিতিত শিংগাড়ী বস্তিবাসীয়ে সমগ্ৰ মন্দিৰ প্ৰাংগণত ৰোপণ কৰে সহস্ৰাধিক গছপুলি ৷
গছপুলি ৰোপণেৰে গামখান মন্দিৰৰ শতবাৰ্ষিকী পালন - গছপুলি ৰোপণেৰে গামখান মন্দিৰৰ শতবাৰ্ষিকী পালন
গামখান মন্দিৰৰ শতবাৰ্ষিকী উপলক্ষে ৰোপণ কৰা হৈছে সহস্ৰাধিক গছপুলি ৷ দক্ষিণ নগাঁও বন সংমণ্ডলৰ সহযোগত পালন কৰা হৈছে এই কাৰ্যসূচী ৷

গছপুলি ৰোপণ
TAGGED:
দক্ষিণ নগাঁও বন সংমণ্ডল