হোজাই,২৯ মে':বছৰটোৰ প্ৰথমটো বানত ৰাজ্যৰ লগতে হোজাই জিলাৰ দুটা ৰাজহ চক্ৰৰ মুঠ 91 খন গাঁৱত বাঢ়নী পানীয়ে বিস্তৰ ক্ষতিসাধন কৰিছিল(Flood in Hojai) । লগতে 4687 হেক্টৰ কৃষিভূমি, 45 টা পথ আৰু 89 টা বান্ধৰ লগতে 1 লাখ 79 হাজাৰ লোক বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হয় । ইয়াকে লৈ শনিবাৰে জিলা খনত বানে ক্ষতিগ্রস্ত কৰা অঞ্চল সমূহৰ পৰিস্থিতি বুজ ল’বলৈ কেন্দ্ৰীয় পৰ্যবেক্ষকৰ দল আহি উপস্থিত হয় হোজাইত (Central Observer Team at Hojai) ।
প্ৰথমে জিলা সদৰ শংকৰদেৱ নগৰত উপস্থিত হৈ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত তিনিজনীয়া পৰ্যবেক্ষকৰ দলটোৱে বিভিন্ন বিভাগৰ লগত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । এই বৈঠকত হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ উপস্থিত থাকি কপিলীৰ বানৰ পৰা জিলা খনক মুক্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ ব্যৱস্থা লোৱাৰ আহ্বান জনায় । এই আলোচনাৰ সন্দৰ্ভত বিধায়ক গৰাকীক সোধাত সাংবাদিকৰ আগত কয় যে, হোজাই জিলাখনত বানপানী হোৱা কাৰণ হ’ল কপিলী নৈ । কপিলীৰ বাঢ়নী পানীয়ে নৈ পৰীয়া অঞ্চলসমূহ কৰে প্লাবিত (Kapili river flood in Hojai)।