অসম

assam

লংকাত হাতী দাঁত, হস্তনিৰ্মিত পিষ্টল জব্দ

By

Published : Jun 19, 2021, 5:13 PM IST

শুকুৰবাৰে নিশা লংকাৰ বৰদলঙত আৰক্ষীৰ অভিযান । ফাৰুক আহমেদ নামৰ এজন লোকৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে হাতীৰ দাঁত আৰু হস্তনিৰ্মিত অস্ত্ৰ-শস্ত্ৰ(WEAPON) । গুলীসহ এয়াৰ পিষ্টল, ৭.৭ ৰাইফলৰ গুলী আৰু ৫৪৬ গ্ৰাম ওজনৰ হাতীৰ দাঁত জব্দ কৰে আৰক্ষীয়ে ।

Pistol seized in Hojai
লংকাত হাতী দাঁত, হস্তনিৰ্মিত পিষ্টল জব্দ

হোজাই, ১৯ জুন: ৰাজ্যত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা । একাংশ অসাধু লোকৰ কাৰ্যকলাপে এনে ঘটনাৰ সংখ্যা বৃদ্ধিত একপ্ৰকাৰ সহায় কৰি আহিছে । আৰক্ষীয়ে সময়ে সময়ে এনে লোকৰ বিৰুদ্ধে অভিযান চলাই আহিছে । শুকুৰবাৰে নিশা হোজাই(HOJAI) জিলাত অবৈধভাৱে অস্ত্ৰ-শস্ত্ৰ(WEAPON) মজুত ৰখা আৰু সৰবৰাহ কৰা লোকৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায় ।

জিলাখনৰ লংকাৰ বৰদলঙত ফাৰুক আহমেদ নামৰ এজন লোকৰ ঘৰত অভিযান চলায় আৰক্ষীয়ে । অভিযানৰ সময়ত আৰক্ষীয়ে হস্তনিৰ্মিত এটা এয়াৰ গান, এটা এয়াৰ পিষ্টল আৰু গুলী জব্দ কৰে । .৩২ mm পিষ্টলৰ ৯টা সজীৱ গুলী আৰু ৭.৭ ৰাইফলৰ ৪ টা গুলী জব্দ কৰে আৰক্ষীয়ে । লগতে ৫৪৬ গ্ৰাম ওজনৰ এটা হাতীৰ দাঁতো জব্দ কৰে ।

লংকাত হাতী দাঁত, হস্তনিৰ্মিত পিষ্টল জব্দ

ইয়াৰ পিছতে আৰক্ষীয়ে ছাহিদ আহমেদ আৰু ফাৰুক আহমেদ নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে । দুয়োৰে ঘৰ লংকাৰ বৰদঙৰ ১ নং ৱাৰ্ডত । অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাণজিৎ দুৱৰাৰ নেতৃত্বত চলিছিল এই অভিযান । অপৰাধমূলক ঘটনা ৰোধ কৰাৰ বাবে বৰ্তমান ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ।

আৰক্ষীৰ জালত পৰিছে কুখ্যাত অপৰাধী । হোজাই জিলাৰ বৰদলঙত পূৰ্বেও অবৈধ অস্ত্ৰ-শস্ত্ৰ জব্দ হৈছে । মেগজিনসহ 7.65 পিষ্টল জব্দ কৰিছিল আৰক্ষীয়ে । বিল্লাল উদ্দিন আৰু ৰহিম উদ্দিন নামৰ দুই অপৰাধীকো আটক কৰিছিল আৰক্ষীয়ে ।

আনহাতে, যোৱা ১৩ জুনত নগাঁও জিলাত আৰক্ষীয়ে পিষ্টলসহ এজন লোকক আটক কৰে । নগাঁও আৰক্ষীৰ নিৰাপত্তা শাখাৰ উপ-আৰক্ষী অধীক্ষক দীপ্তি মালী আৰু নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক কুমাৰৰ নেতৃত্বত অভিযান চলাই আৰক্ষীয়ে মেৰাতলাত গুলীসহ এটা 9mm পিষ্টল জব্দ কৰে । লগতে কদ্দুছ আলী নামৰ এজন লোককো আটক কৰে । লক্ষণীয়ভাৱে, বিগত বৰ্ষৰ পৰা হোজাই, নগাঁও আৰু মৰিগাঁও জিলাত অবৈধ মাৰণাস্ত্ৰ সৰবৰাহৰ ঘটনা তুলনামূলকভাৱে বৃদ্ধি পাইছে ।

লগতে পঢ়ক: নিতাইপুখুৰী আৰক্ষীৰ জালত গাঞ্জা ব্যৱসায়ী

ABOUT THE AUTHOR

...view details