অসম

assam

ETV Bharat / state

মাস্ক পৰিধান নকৰা লোকক জৰিমনা হোজাই জিলা প্ৰশাসনৰ - মাস্ক পৰিধান নকৰা লোকক ১,০০০ টকাকৈ জৰিমনা বিহা পৰিলক্ষিত হয়

সমগ্ৰ ৰাজ্যৰ লগতে হোজাই জিলাতো দৈনিক ব্যাপক হাৰত ক’ভিড-১৯ ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত কঠোৰ হৈছে জিলা প্ৰশাসন । জিলাখনৰ ভিন্ন স্থানত অভিযান চলাই মাস্ক পৰিধান নকৰা লোকক ১,০০০ টকাকৈ জৰিমনা বিহা পৰিলক্ষিত হয় ।

mask penalty at hojai
মাস্ক পৰিধান নকৰা লোকক জৰিমনা হোজাই জিলা প্ৰশাসনৰ

By

Published : May 9, 2021, 1:50 PM IST

হোজাই,৯ মে': সমগ্র দেশৰ লগতে অসমতাে অব্যাহত আছে মহামাৰী কৰ’ণাৰ দ্বিতীয়টো ঢৌৰ ত্ৰাস । ৰাজ্যত প্রতিদিনে শ শ লােক আক্রান্ত হৈছে কৰ’ণা ভাইৰাছত । হোজাই জিলাতো দৈনিক ব্যাপক হাৰত বৃদ্ধি পাইছে ক’ভিড-১৯ ত আক্ৰান্ত ৰোগীৰ সংখ্যা ।

জিলাখনত মহামাৰী কৰ’ণাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত কঠোৰ হৈছে জিলা প্ৰশাসন । যোৱা ১৯ এপ্ৰিলৰ পৰা ৰাজহুৱা স্থানসমূহত মাস্ক পিন্ধাটো সম্পূৰ্ণৰূপে বাধ্যতামূলক কৰিছে ৰাজ্যৰ প্ৰশাসনে । অন্যথা ভৰিব লাগিব ১,০০০ টকা পৰ্যন্ত জৰিমনা । দেওবাৰে হোজাই জিলা প্ৰশাসনে বিভিন্ন স্থানত মাস্ক পৰিধান নকৰা লোকক ১,০০০ টকাকৈ জৰিমনা বিহা পৰিলক্ষিত হয় ।

জিলাখনৰ হোজাই টাউন, লংকা বজাৰ, ডবকা তিনিআলিকে ধৰি বিভিন্ন স্থানত হোজাই জিলা প্ৰশাসন আৰু আৰক্ষীয়ে অভিযান চলাই মাস্ক পৰিধান নকৰা লোকক জৰিমনা বিহাৰ লগতে কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মাস্ক পৰিধান কৰি চলা-ফুৰা কৰিবলৈ অনুৰোধ জনায় ৷

লগতে পঢ়ক: শিৱসাগৰত কোনে শৰবিদ্ধ কৰিছে সেউজ প্ৰকৃতি?

ABOUT THE AUTHOR

...view details