হোজাই, ২৪ মে': হোজাইৰ হাম হাস্পতালত সংঘটিত হৈছে এক চাঞ্চল্য়কৰ ঘটনা । হাস্পতালৰ তৃতীয় মহলৰ পৰা জঁপিয়াই আত্মহত্যা এজন ৰোগীৰ । আত্মহত্য়া সংঘটিত কৰা লোকজনৰ শেহতীয়াকৈ কৰা হৈছিল অস্ত্ৰোপচাৰ । শনিবাৰে নিশা আত্মহত্যা কৰা ৰোগীজন পেচাত এজন শিক্ষক আছিল বুলি জানিব পৰা গৈছে ।
পৰিতোষ দেৱ নাথ নামৰ লংকা এন এৰিয়াৰ শিক্ষকজনৰ হাস্পতালত আত্মহত্যা কৰা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত । আত্মহত্য়া কৰা পৰিতোষ দেৱ নাথ লংকা বিবেকানন্দ পাঠশালা প্ৰাথমিক বিদ্যালয়ৰ এজন শিক্ষক আছিল ।