অসম

assam

Miya Museum controversy: মিঞা মিউজিয়ামক লৈ প্ৰতিক্ৰিয়া মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

By

Published : Oct 29, 2022, 4:09 PM IST

Updated : Oct 29, 2022, 4:50 PM IST

মিঞা মিউজিয়াম সন্দৰ্ভত হোজাইত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু বিধায়ক ৰামকৃষ্ণ ঘোষে (Reaction on Miya Museum controversy)। বিৰোধী দলৰ বিধায়কক মেকুৰীৰ সৈতে তুলনা কৰিলে ৰাম কৃষ্ণ ঘোষে ।

Miya Museum controversy
মিঞা মিউজিয়ামক লৈ প্ৰতিক্ৰিয়া মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

হোজাই,২৯ অক্টোবৰ :ৰাজ্যত অব্যাহত আছে মিঞামিউজিয়ামৰ বিতৰ্ক (Miya Museum controversy)। এই বিতৰ্কৰ মাজতে কেবিনেট মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ মিঞামিউজিয়ামক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ । পৰিমল শুক্লবৈদ্যই কয়, "মিঞা মিউজিয়ামত টুকুৰী কেইটামান আৰু নাঙল ৰাখিছে, সেইয়া আমি দেখা নাই নেকি ?সেইয়া আমি অসমীয়া ৰাইজে ব্যৱহাৰ কৰি আছো ।"

মিঞা মিউজিয়ামৰ দ্বাৰা সমাজত এটা পৃথক অনাৰ প্ৰয়াস কৰা হৈছে আৰু তাত সফল হ'ব নোৱাৰিব বুলি দাবী কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই (Parimal Suklabaidya reaction on Miya museum)। হোজাইৰ সদৰ শংকৰদেৱ নগৰত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । ইফালে হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষেও সাংবাদিকৰ সন্মুখত মিঞা মিউজিয়াম সন্দৰ্ভত মন্তব্য কৰে ।

মিঞা মিউজিয়ামক লৈ প্ৰতিক্ৰিয়া মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

বিধায়কগৰাকীয়ে কয় যে এইবোৰ হৈছে দেশক টুকুৰা-টুকুৰ কৰা শক্তি (Ram Krishna Ghosh reaction on Miya museum)। তেওঁৰ মতে সেই একাংশই সাম্প্রদায়িকতাৰ ভিত্তিত কিবা নহয় কিবা এটা সদায়ে দাবী কৰি থাকে । অসম উন্নয়নৰ শিখৰত গৈ আছে । কোনটো অঞ্চল কেনেদৰে উন্নয়ন কৰিব লাগে তাত ব্যস্ত থকাৰ সলনি সেই একাংশ লোকে মিঞা মিউজিয়ামত লাগি আছে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে । সেইবোৰক দেশ বিৰোধী শক্তি বুলিও দাবী কৰে বিধায়কগৰাকীয়ে ।

বিধায়কগৰাকীৰ মতে মতে আন্তঃৰাষ্ট্ৰীয় শক্তি তেওঁলোকৰ লগত আছে আৰু সেই শক্তিয়ে অসমখন ছিন্ন, বিচ্ছিন্ন কৰিব বিচাৰিছে বুলিও তেওঁ অভিযোগ কৰে । কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী সন্দৰ্ভতো মন্তব্য কৰে বিধায়ক ৰামকৃষ্ণ ঘোষে । শ্বেৰমান আলীক সমালোচনা কৰি তেওঁ কয় যে শ্বেৰমান আলীয়ে সদায়ে বিধানসভাত এটা পৃথক সম্পদায়ৰ বাবে কথা কয় । তেওঁৰ পদক্ষেপ সদায় ঋনাত্মক বুলি অভিযোগ কৰে ৰাম কৃষ্ণ ঘোষে ।

মিঞা মিউজিয়াম সন্দৰ্ভত ইতিমধ্যে কেইবাজনকো আটক কৰা হৈছে, কিন্তু বিধায়ক শ্বেৰমান আলীৰ ক্ষেত্ৰত প্ৰক্ৰিয়াটো দীঘলীয়া হ'ব বুলি তেওঁ উল্লেখ কৰে । শ্বেৰমান আলীৰ বিৰুদ্ধে বিধানসভাই ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ আশাবাদী ।

মিঞা মিউজিয়াম বিজেপিৰ এজেণ্ডা বুলি একাংশ ৰাজনৈতিক নেতাই কৰা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাম কৃষ্ণ ঘোষে কয় যে তেওঁলোকে কৈয়ে থাকিব । তথ্যৰ ভিত্তিত যাব লাগে বুলি তেওঁ দাবী কৰে । বিজেপিয়ে কিহৰ বাবে কাম কৰি আছে সকলোৱে জানে । কথা প্ৰসংগত বিৰোধী বিধায়কসকলক মেকুৰীৰ সৈতে তুলনা কৰিলে বিধায়ক ৰাম কৃষ্ণ ঘোষে ।

লগতে পঢ়ক :Miyan Museum Controversy: ৰাজনীতিকৰণ নিবিচাৰে গৌৰৱ গগৈয়ে; শিৱামণি বৰাৰ সন্দেহ এয়া বিজেপিৰ কাম

Last Updated : Oct 29, 2022, 4:50 PM IST

ABOUT THE AUTHOR

...view details