অসম

assam

ETV Bharat / state

লংকা ৰে'লৱে ষ্টেচনত উত্তপ্ত পৰিস্থিতি - স্থানীয় সচেতন লোক আৰু লংকা ৰেল আৰক্ষী

দিল্লী-ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ মেইলৰ পৰা লংকাত পাঁচজনকৈ যাত্ৰী পলায়ন কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ঘটনাস্থলীত লংকা ৰে'লৱে আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

panic-situation-at-lanka-railway-sataion
লংকা ৰেলৱে ষ্টেচনত উত্তপ্ত পৰিস্থিতি

By

Published : Aug 4, 2020, 11:38 PM IST

হোজাই, 4আগষ্টঃ হোজাই জিলাৰ লংকা ৰে'লৱে ষ্টেচনত যান্ত্ৰিক বিজুতিৰ বাবে দিল্লী-ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ মেইল লংকা ৰেল ষ্টেচনত ৰখোৱাৰ লগে লগে পাঁচজন কৈ লোকে ট্ৰেইনৰ পৰা নামি পলায়নৰ অপচেষ্টা কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । আনহাতে স্থানীয় সচেতন লোক আৰু লংকা ৰে'ল আৰক্ষীৰ তৎপৰতাত তিনিজন লোকক আটক কৰি পুনৰ ব্ৰহ্মপুত্ৰ ৰেলত উঠাই লামডিং অভিমুখে পঠাই দিয়ে ।

ইপিনে পৰৱৰ্তী সময়ত আন দুজন লোকক লংকা ৰে'ল আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । আটকাধীন লোক দুজনক বৰ্তমান লংকা ৰে'ল আৰক্ষীয়ে সোধাপোচ কৰাৰ লগতে ক’ভিড টেষ্টৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিবলৈ দিয়ে ।

লংকা ৰে'লৱে ষ্টেচনত উত্তপ্ত পৰিস্থিতি

লগতে পঢ়কঃ টিংখাঙত কা বিৰোধী ঐক্য মঞ্চৰ সংবাদমেল সম্বোধন

For All Latest Updates

ABOUT THE AUTHOR

...view details