অসম

assam

By

Published : Sep 23, 2020, 8:11 PM IST

Updated : Sep 27, 2020, 8:01 PM IST

ETV Bharat / state

হোজাইৰ দুই পৃথক স্থানত বনৰৌৰ বাকলি উদ্ধাৰ

হোজাইৰ দুই পৃথক স্থানৰ পৰা বনৰৌৰ বাকলি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ সংস্থাই ৷ সংস্থাটোৰ দক্ষিণ নগাঁও সংমণ্ডল আৰু হোজাই আৰক্ষীৰ সৈতে চলোৱা যুটীয়া অভিযানত উদ্ধাৰ হোৱা বনৰৌৰ বাকলিখিনিৰ ওজন 5.725 কিল’গ্ৰাম ৷

pangolin rescue in Hojai assam etv bharat news
বনৰৌ উদ্ধাৰ

নিউজ ডেস্ক,23 ছেপ্তেম্বৰ: অসমত আজিও সক্ৰিয় হৈ আছে বন্যপ্ৰাণী সৰবৰাহকাৰী চক্ৰ ৷ এই চক্ৰৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে আৰক্ষীৰ লগতে বন্যপ্ৰাণী উদ্ধাৰকাৰী সংস্থাসমূহে ৷ তেনে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চলোৱা অভিযানত বৃহৎ পৰিমাণৰ বনৰৌৰ বাকলি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ সংস্থাই ৷ সংস্থাটোৰ দক্ষিণ নগাঁও সংমণ্ডল আৰু হোজাই আৰক্ষীৰ সৈতে চলোৱা যুটীয়া অভিযানটোত হোজাইৰ দুই পৃথক স্থানৰ পৰা উদ্ধাৰ হোৱা বনৰৌৰ বাকলিখিনিৰ ওজন 5.725 কিল’গ্ৰাম বুলি জানিব পৰা গৈছে ৷ অভিযানকাৰী দলটোৱে এই সৰবৰাহত জড়িত পাঁচগৰাকী ব্যক্তিক আটক কৰিছে ৷ আটকাধীন ব্যক্তি কেইগৰাকী ক্ৰমে হোজাইৰ ব্ৰজকুমাৰ সিনহা, মোহন কুমাৰ ইংতি, ৰাহমাতুল্লা, নিজামুদ্দিন আৰু বীৰু সিং বুলি চিনাক্ত কৰা হৈছে ৷

উল্লেখ্য যে, বন্যপ্ৰাণী সমূহৰ ভিতৰত বনৰৌৱে হৈছে আটাইতকৈ বেছি সৰবৰাহ হোৱা বন্যপ্ৰাণী ৷ আন্তঃৰাষ্ট্ৰীয় ক’লা বজাৰত এই প্ৰাণী বিধৰ চাহিদা সৰ্বাধিক ৷ সম্প্ৰতি আৰক্ষীয়ে আটক কৰা ব্যক্তি কেইগৰাকীক বুধবাৰে আদালতত হাজিৰ কৰোৱা হৈছে ৷ ঘটনা প্ৰসংগত তদন্ত অব্যাহত ৰাখিছে বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ সংস্থাটোৱে ৷ তদুপৰি এই ঘটনাত আৰক্ষীৰ লোকো জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে সংস্থাটোৱে ৷ দীৰ্ঘদিনে ৰাজ্যত বন্যপ্ৰাণী সৰবৰাহৰ এখন বৃহৎ ক’লা বজাৰ চলি থকাৰ কথা প্ৰকাশ কৰিছে সংস্থাটোৱে ৷

লগতে চাওকঃকলিয়াবৰত তিনি প্ৰৱঞ্চক আটক

Last Updated : Sep 27, 2020, 8:01 PM IST

ABOUT THE AUTHOR

...view details