অসম

assam

উন্মুক্ত বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ ফলত ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা

By

Published : Nov 19, 2020, 7:50 AM IST

হোজাই জিলা নখুটী বজাৰৰ এটা উন্মুক্ত বৈদ্যুতিক ট্ৰেন্সফৰ্মা ৷ ট্ৰেন্সফৰ্মাটোৰ ফলত যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ আশংকা ৷

লংকা বৈদ্যুতিক উপ সংমণ্ডল
উন্মুক্ত বৈদ্যুতিক ট্ৰেন্সফৰ্মা

হোজাই, 19 নৱেম্বৰ :হোজাই জিলাৰ নখু‌টী বজাৰৰ গাতে লাগি থকা এটা বৈদ্যুতিক সংযোগী 11000 ভল্টৰ উন্মুক্ত ট্ৰেন্সফৰ্মাৰ চাৰিবেৰত নাই কোনো বেৰিকেড ৷ মাথো ইংৰাজীত "DENGER" লিখা এখন ফলক ওলমাই দায়িত্ব সামৰিছে বিভাগীয় কৰ্তৃপক্ষ‌ই ৷ ট্ৰেন্সফৰ্মাৰটোৰ কাষতেই আছে নখুটী বজাৰৰ বিপনী আৰু বিদ্যালয় ৷ যিকোনো সময়ত সংঘটিত হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা ৷ কিন্তু গুৰুত্ব নাই দায়িত্বত থকা লংকা বৈদ্যুতিক উপ সংমণ্ডলৰ কৰ্মীৰ ৷

লংকা বৈদ্যুতিক উপ সংমণ্ডল

আনহাতে, আকৌ পথৰ সিটো পাৰৰ পৰা ট্ৰেন্সফৰ্মাৰটোলৈ আহিছে 11000 ভল্টৰ তিনিডালকৈ বৈদ্যুতিক পৰিবাহী তাঁৰ ৷ ফলত যিকোনো সময়ত সংঘটিত হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা ৷ কাৰণ, বৈদ্যুতিক পৰিবাহী তাঁৰ কেইডালৰ তলতেই আছে এটি ব্যস্ত পথ, যি পথেৰেই নখুটীৰ পৰা লংকালৈ প্ৰত্যেক দিনাই অহা-যোৱা কৰে শ শ সৰু বৰ যান-বাহন ৷ স্থানীয় ৰাইজে লংকা বৈদ্যুতিক উপ সংমণ্ডলৰ দায়িত্বত থকা কৰ্মীক ঘটনা সন্দৰ্ভত বহুবাৰ অভিযোগ দিছে যদিও গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষ‌ৰ ৷

লগতে পঢ়ক :বন বিভাগৰ পৃষ্ঠপোষকতাত ধুবুৰীত বন ধ্বংস অব্যাহত !

ABOUT THE AUTHOR

...view details