হোজাই, ২ জুন: চিকিৎসক আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদ জনাই বুধবাৰে সমগ্ৰ ৰাজ্যৰ চিকিৎসালয়তে বন্ধ আছে বহিঃবিভাগৰ সেৱা । হোজাইৰ HAMM হাস্পতালতো বৰ্হি বিভাগৰ সেৱা আৰু ৰোগ নিৰ্ণয় বিভাগসমূহ বন্ধ ৰখা হৈছে । অৱশ্যে আভ্যন্তৰীণ আৰু জৰুৰী বিভাগসমূহৰ সেৱা অব্যাহত থাকিব ।
চিকিৎসক আক্ৰমণৰ ঘটনাক গৰিহণা হোজাইৰ উকীল সন্থাৰ
হোজাইত চিকিৎসকক আক্ৰমণ কৰাক লৈ এতিয়া তোলপাৰ ৰাজ্য । বুধবাৰে হোজাই জিলা উকীল সন্থাই এই ঘটনাক গৰিহণা দিয়ে । চিকিৎসকক আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত বুধবাৰে HAMM হাস্পতালৰ বৰ্হি বিভাগৰ সেৱাও বন্ধ ৰখা হয় ।
চিকিৎসক আক্ৰমণৰ ঘটনাক গৰিহণা হোজাইৰ উকীল সন্থাৰ
ইফালে, উদালীৰ ফুলতলিত হোজাই জিলা উকীল সন্থা আৰু ছাত্ৰ সন্থায়ো এই ঘটনাক গৰিহণা দিয়ে । মঙলবাৰে কৰ্তব্যৰত অৱস্থাত ডা৹ সেউজ সেনাপতিক একাংশ উদণ্ড লোকে আক্ৰমণ কৰিছিল । ইতিমধ্যে এই ঘটনাৰে জড়িত ২৪ জন অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে ।