হোজাই,29 জুন : কন্যা সন্তান জন্ম দিয়াই যেন অপৰাধ হৈ পৰিছে এগৰাকী মাতৃৰ বাবে ৷ মোৰাঝাৰৰ জাৰুনী গাঁৱত কন্যা সন্তান জন্ম দিয়াৰ বাবেই নিৰ্যাতন পত্নীক ৷ নিৰ্যাতনেই নহয়,কৰিলে বিবাহ বিচ্ছেদো ৷ দক্ষিণ নোৱাবিল গাঁৱৰ আব্দুছ চুবুৰৰ কন্যা ইয়াহীৰা খানমৰ বিবাহ হৈছিল পূৱ জাৰুনী গাঁৱৰ আজিজুৰ ৰহমান নামৰ যুৱকজনৰ সৈতে । বিবাহৰ পাচতে ইয়াহীৰাই জন্ম দিছিল এগৰাকী কন্যা সন্তান আৰু কন্যা সন্তান জন্মৰ পাচত স্বামীৰ নিৰ্যাতনৰ বলি হ'বলগীয়া হৈছে মহিলাগৰাকী। স্বামীৰ অকথ্য অত্যাচাৰৰ পাচতো ইয়াহীৰাই কৰিছিল সংসাৰ।
কন্যা সন্তান জন্ম দিয়াই কাল হ'ল এগৰাকী মহিলাৰ - বিবাহ বিচ্ছেদ
কন্যা সন্তান জন্ম দিয়া যেন অপৰাধ ৷ কন্যা সন্তান জন্ম দিয়াৰ বাবেই বিবাহ বিচ্ছেদ দিলে এগৰাকী মহিলাক

কন্যা সন্তান জন্ম দিয়াই কাল হ'ল এগৰাকী মহিলাৰ
কন্যা সন্তান জন্ম দিয়াই কাল হ'ল এগৰাকী মহিলাৰ
ইয়াহীৰাৰ পিতৃ পৰিয়ালৰ পৰা আজিজুৰে বিচাৰিবলৈ ধৰিলে যৌতুকৰ নামত বৃহৎ ধন। কিন্তু ইয়াহীৰাৰ পিতৃৰ আৰ্থিক সামৰ্থ নথকাৰ লগতে যৌতুক দিব নোৱাৰাত ইয়াহীৰাক তালাক দিয়ে আজিজুৰে। ইপিনে বিবাহ বিচ্ছেদৰ পাচতো আজিজুৰে নিতৌ মানসিকভাৱে হাৰাশাস্তি কৰি আহিছে ইয়াহীৰাক ৷ ভুক্তভোগী ইয়াহীৰাই লম্পট স্বামী আজিজুৰৰ এই কুকৰ্মৰ বিৰুদ্ধে মোৰাঝাৰ থানাত দাখিল কৰিছে এজাহাৰ।