লংকা ষ্টেচনত অচেতন অৱস্থাত উদ্ধাৰ এগৰাকী মহিলা - উদ্ধাৰ
স্থানীয় ৰাইজে পৰি থকা অৱস্থাত মহিলা গৰাকীক প্ৰতক্ষ্য কৰি ৰেল আৰক্ষীক খৱৰ দিয়াত ৰেল আৰক্ষীয়ে ততাতৈয়াকৈ মহিলাগৰাকীক উদ্ধাৰ কৰি প্ৰেৰণ কৰে লংকা প্ৰাথমিক চিকিৎসালয়লৈ লৈ ।
হোজাই, ১২ মে': হোজাইৰ লংকা ৰেল ষ্টেচনত অচেতন অৱস্থাত উদ্ধাৰ এগৰাকী মহিলা । দেওবাৰে সন্ধিয়া ষ্টেচনটোৰ ২নং প্লেটফৰ্মত অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় মহিলা গৰাকীক । স্থানীয় ৰাইজে পৰি থকা অৱস্থাত মহিলা গৰাকীক প্ৰতক্ষ্য কৰি ৰেল আৰক্ষীক খৱৰ দিয়াত ৰেল আৰক্ষীয়ে ততাতৈয়াকৈ মহিলাগৰাকীক উদ্ধাৰ কৰি প্ৰেৰণ কৰে লংকা প্ৰাথমিক চিকিৎসালয়লৈ লৈ । কোনো দূস্কৃতিকাৰীয়ে বিষ প্ৰাণ কৰাই মহিলাগৰাকীক এনে অৱস্থা কৰাৰ সন্দেহ ৰেল আৰক্ষীৰ । বৰ্তমান লংকা প্ৰাথমিক চিকিৎসালয়ত চিকিত্সাধীন মহিলাগৰাকী । বৰ্তমানলৈকে জানিব পৰা হোৱা নাই মহিলা গৰাকীৰ পৰিচয় ।