অসম

assam

By

Published : Sep 3, 2021, 10:46 PM IST

ETV Bharat / state

অসম মেঘালয় সীমান্তৰ ৰাণীত খেতি পথাৰত বিদ্যুস্পৃষ্ট হৈ বন্য হস্তীৰ মৃত্যু

ৰাণী উদয়পুৰৰ খেতিপথাৰত ধান খেতি খাবলৈ লোৱাৰ সময়তেই বিদ্যুতৰ তাৰত লাগি বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু হয় হাতীটোৰ । পিছত বনৰীয়া হাতীটোৰ মৃত্যু হোৱাৰ খৱৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোৰ জনসাধাৰণৰ সমাগম হয়। ঘটনা সন্দৰ্ভত দুজন লোকক আটক কৰা হয়। খেতিপথাৰত বিদ্যুতৰ তাৰ সংযোগ কৰাৰ অভিযোগত পিতা ৰামেশ্বৰ কলিতা আৰু পুত্ৰ গৌতম কলিতাক আৰক্ষীয়ে আটক কৰে ।

অসম মেঘালয় সীমান্তৰ ৰাণীত খেতি পথাৰত বিদ্যুস্পৃষ্ট হৈ বন্য হস্তীৰ মৃত্যু
অসম মেঘালয় সীমান্তৰ ৰাণীত খেতি পথাৰত বিদ্যুস্পৃষ্ট হৈ বন্য হস্তীৰ মৃত্যু

গুৱাহাটী,৩ ছেপ্টেম্বৰ:ৰাজ্যৰ বিভিন্ন ঠাইত এতিয়াও অব্যাহত আছে হাতী মানুহৰ সংঘাত । মহানগৰীৰ দাঁতি কাষাৰীয়া অসম-মেঘালয় সীমান্তৰ ৰাণী অঞ্চলতো দীৰ্ঘদিন ধৰি চলি আহিছে হাতী-মানুহৰ সংঘাত । ফলত কেতিয়াবা মানুহ আৰু কেতিয়াবা বন্যহস্তীৰ প্ৰাণ গৈছে ।

এনে ঘটনা সংঘটিত হ'ল মহানগৰীৰ পাশ্বৱৰ্তী অসম-মেঘালয় সীমান্তৰ ৰাণী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ৰাণী উদয়পুৰৰ খেতিপথাৰত । বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় এটা বনৰীয়া হাতীৰ ।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, অসম-মেঘালয় সীমান্তৰ কাৱাছিং সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছিল এটা বনৰীয়া হাতী । ৰাণী উদয়পুৰৰ খেতিপথাৰত ধান খেতি খাবলৈ লোৱাৰ সময়তেই বিদ্যুতৰ তাৰত লাগি বিদ্যুতস্পৃষ্ট হৈ লগে লগে মৃত্যু হয় হাতীটোৰ ।

অসম মেঘালয় সীমান্তৰ ৰাণীত খেতি পথাৰত বিদ্যুস্পৃষ্ট হৈ বন্য হস্তীৰ মৃত্যু

পিছত বনৰীয়া হাতীটোৰ মৃত্যু হোৱাৰ খৱৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোৰ জনসাধাৰণৰ সমাগম হয় । ঘটনাস্থলীত ৰাণীৰ বনাঞ্চলিক বিষয়া মনোৰঞ্জন বৰ্মন আৰু ৰাণী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তবুল বড়ো উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি দুজন লোকক আটক কৰে ।

খেতিপথাৰত বিদ্যুতৰ তাৰ সংযোগ কৰা পিতা ৰামেশ্বৰ কলিতা আৰু পুত্ৰ গৌতম কলিতাক আৰক্ষীয়ে আটক কৰে । ইতিমধ্যে ঘটনাৰ খবৰ পাই পূব কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী ৰোহিনী কুমাৰ শইকীয়া, সহকাৰী বন সংৰক্ষকদ্বয় জ্ঞান ৰঞ্জন দাস আৰু গোলাপ বণিয়া ঘটনাস্থলীত উপস্থিত হৈ হাতীৰ মৃত্যুৰ ঘটনাৰ বুজ লয় ।

ইফালে ৰাণীৰ জ্যেষ্ঠ পশু চিকিৎসা বিষয়া ডাঃ নাৰায়ণ দেউৰীয়ে প্ৰায় ৪০ বছৰীয়া মতা দঁতাল হাতীটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত হাতীটোক বিভাগীয় নীতি নিয়ম অনুসাৰে সমাধিস্থ কৰা হয় ।

উল্লেখযোগ্য যে, সঘনাই উক্ত অঞ্চলৰ খেতি পথাৰত বনৰীয়া হাতীৰ জাকে নামি আহি খেতিপথাৰ তহিলং কৰে । ফলত বিভিন্ন সময়ত কৃষক ৰাইজে হাহাকাৰ কৰি আহিছে । প্ৰকৃততে অসম-মেঘালয় সীমান্তৰ ঘন বনাঞ্চল নিঃশেষ হোৱাৰ ফলত খাদ্যৰ সন্ধানত বন্যহস্তীৰ জাকে জনাঞ্চললৈ গুচি আহে ।

যাৰ ফলত এতিয়া ভয়াবহ হাৰত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত । বন বিভাগ কিম্বা চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰিলে দিনক দিনে হাতী আৰু মানুহৰ সংঘাতে যে ভয়াবহ ৰূপ ধাৰণ কৰিব সেয়া নিশ্চিত ।

লগতে পঢ়কঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ বিৰুদ্ধে বৌদ্ধিক সম্পদ চুৰিৰ অভিযোগ

ABOUT THE AUTHOR

...view details