অসম

assam

ETV Bharat / state

বন কৰা কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত লামডিং - বন কৰা কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত লামডিং

বন কৰা কিশোৰীৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি লামডিঙত ৷ প্ৰতিবাদীকাৰী ৰাইজে ঘেৰাও কৰিলে আৰক্ষী থানা ৷ লামডিঙত জাৰী 144 ধাৰা ।

বন কৰা কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত লামডিং

By

Published : Oct 24, 2019, 8:20 AM IST

হোজাই, 24 অক্টোবৰ: বুধবাৰে লামডিঙত এগৰাকী বনকৰা কিশোৰীক নিৰ্যাতন কৰি হত্যা কৰা ঘটনাক লৈ উত্তপ্ত হয় লামডিং চহৰ ৷ হাওৰাঘাটৰ বনকৰা কিশোৰী পূজা দাসক হত্যা কৰাক লৈ বুধবাৰে সন্ধিয়া স্থানীয় ৰাইজে লামডিং আৰক্ষী থানা ঘেৰাও কৰি আৰক্ষী প্ৰশাসন মুৰ্দাবাদ,গ' বেক,দোষীক ফাঁচী দিয়ক আদি বিভিন্ন শ্ল’গানেৰে পৰিস্থিতি উত্তাল কৰি তোলে। হাতে হাতে ম’ম জ্বলাই শতাধিক জনতাই সাব্যস্ত কৰে প্ৰতিবাদ। উপায়ন্তৰ হৈ আৰক্ষী প্ৰশাসনে আৰক্ষী থানাৰ সন্মুখৰ এলেকাত 144 ধাৰা জাৰী কৰিবলৈ বাধ্য হয়।

লামডিঙত জাৰী ১৪৪ ধাৰা

উল্লেখ্য যে,লামডিঙৰ অফিচাৰ কলিনীৰ সাধন চক্ৰৱৰ্তী আৰু মৌচুমী চক্ৰৱৰ্তী নামৰ দম্পতীগৰাকীৰ ঘৰত বিগত ৬ মাহ ধৰি কৰ্মৰত হাওৰাঘাটৰ পূজা দাস নামৰ 14 বছৰীয়া কিশোৰীগৰাকীৰ ৰহস্যজনক ভাৱে মৃত্যু হৈছিল । 17 অক্টোবৰৰ নিশা পূজাৰ মৃতদেহ লৈ কিশোৰীগৰাকীৰ হাওৰাঘাটৰ ঘৰত উপস্থিত হৈছিল সাধন চক্ৰৱৰ্তীসহ আন কেইবাজনো লোক। তাৰ পিছতেই মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতকৰ পৰিয়ালে দাবী কৰাত মৃতদেহ লৈ যোৱা লোকসকলে ভয় ভাবুকিৰে মৃতদেহ সৎকাৰ কৰাৰ লগতে ঘটনাটো গাপ দিবলৈ ধমকি প্ৰদান কৰিছিল। মৃত্যুৰ কাৰণ তথা মৃত্যুৰ প্ৰমাণ গাপ দিয়াৰ বাবেই সাধন চক্ৰৱৰ্তী আৰু মৌচুমী চক্ৰৱৰ্তীয়ে নিশাৰ ভিতৰত লামডিঙৰ পৰা পূজাৰ মৃতদেহ লৈ হাওৰাঘাটত সৎকাৰ কৰিছিল ৷

পিচত কিশোৰী গৰাকীৰ পৰিয়ালে সাধন চক্ৰৱৰ্তী,বুলটি চক্ৰৱৰ্তী,ঝৰ্ণা ৰায় আৰু অজিত মজুমদাৰক অভিযুক্ত কৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । ঘটনাটোৰ সংক্ৰান্তত লামডিং আৰক্ষী থানাত 240/19 নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে । শাৰীৰিক নিৰ্যাতনতে কিশোৰীগৰাকীৰ মৃত্যু হোৱা বুলি অভিভাৱকে এজাহাৰত উল্লেখ কৰিছে । প্ৰতিবাদকাৰী সকলে অভিযুক্ত সাধন চক্ৰৱৰ্তী আৰু মৌচুমী চক্ৰৱৰ্তী কোনো কাৰণতে যাতে আইনৰ সুৰুঙা লৈ সাৰি যাব নোৱাৰে সেই বিষয়ে লামডিং আৰক্ষীক সকীয়াই দিয়ে ৷

ABOUT THE AUTHOR

...view details