হোজাই, 31 মেঃ হোজাই জিলাৰ নুখুটিত চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগৰ তীব্ৰ অভিযান ৷ এই অভিযানত বন্দুকসহ উদ্ধাৰ হয় প্ৰায় ৩০ কিল'গ্ৰাম হৰিণা পহুৰ মাংস ।
হোজাইত অস্ত্ৰ সহ ৩০ কেজি হৰিণা পহুৰ মাংস উদ্ধাৰ - লামডিং বনাঞ্চল
লামডিং বনাঞ্চলত বন বিভাগৰ তীব্ৰ অভিযান ৷ অভিযানত বন্দুকসহ উদ্ধাৰ প্ৰায় ৩০ কেজি হৰিণা পহুৰ মাংস । ইতিমধ্যে অভিযানৰ উমান পাই পলাই যায় দুৰ্বৃত্তৰ দলটো ৷
হোজাইত অস্ত্ৰ সহ ৩০ কেজি হৰণা পহুৰ মাংস উদ্ধাৰ
হোজাই জিলাৰ লামডিং বনাঞ্চলৰ সমীপৰ ১ নং ছাৰ্থে গাঁৱত বন বিষয়া অজিত সিংৰ নেতৃত্বত বন বিভাগৰ লোকে চলাই এক অভিযান ৷ বন বিভাগৰ এই অভিযানত মাংস লৈ বনাঞ্চলৰ পৰা ওলাই অহাৰ সময়তেই বন বিভাগৰ অভিযানৰ উমান পায় পলাই যায় দুৰ্বৃত্তৰ দলটো ৷ আনহাতে, দুৰ্বৃত্তৰ দলটোৱে প্ৰায় 30 কিল'গ্ৰাম হৰিণা পহুৰ মাংসসহ এটা হাতে সজা বন্দুক এৰি পলায়ন কৰে । ইতিমধ্যে দুৰ্বৃত্তৰ দলটো কৰায়ত্ব কৰিবলৈ তীব্ৰ অভিযান অব্যাহত ৰাখিছে বন বিভাগে ৷
লগতে পঢ়ক-চুৰি কৰা গহনা পিন্ধি টিকটক কৰি ৰঙাঘৰৰ আলহী হ'ল যুৱতী
Last Updated : May 31, 2020, 6:48 PM IST