হোজাই, ২৭ অক্টোবৰ : গুৱাহাটীৰ পৰা অহা এটি STF ৰ দলে বুধবাৰে হোজাই জিলাৰ লংকা আৰক্ষীৰ সহযোগত বৃহৎ পৰিমাণৰ হেৰ'ইনসহ এজন লোকক আটক কৰে । জব্দকৃত হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় ১০ লাখ হ’ব বুলি STF লোকে জানিবলৈ দিয়ে । লংকাৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এখন নাৰ্চাৰীৰ সম্মুখৰ পৰা অভিযানকাৰী দলটোৱে হেৰ'ইনসহ লোকজনক আটক কৰে ।
আনহাতে, আটকাধীন লোকজন উদালীৰ কছাৰী গাঁৱৰ মজিবুৰ ৰহমান বুলি জানিব পৰা গৈছে । মজিবুৰ ৰহমানে AS 02 U 2363 নম্বৰ এখন স্কুটীত ১৬ টা চাবোনৰ কন্টেইনাৰত ২৮১ গ্ৰাম হেৰ'ইন ডিমাপুৰৰ পৰা লংকালৈ লৈ আনিছিল । STF বাহিনী আৰু লংকা আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত তালাচী চলাই হেৰ’ইনখিনি জব্দ কৰে ।