অসম

assam

ETV Bharat / state

হোজাইত কৰ'ণাত আক্ৰান্ত ৰোগীৰ মৃত্যু - মন্তুচ ৰায়

হোজাইত ভয়াৱহ ৰূপ লৈছে প্ৰাণঘাতী কৰ'ণাই । COVID-19ত আক্ৰান্ত হৈ মঙলবাৰে মৃত্যুক আঁকোৱালি ল'লে ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সহকাৰী বিষয়া মন্তুচ ৰায়ে ।

হোজাইত কৰ'ণাত আক্ৰান্ত ৰোগীৰ মৃত্যু
হোজাইত কৰ'ণাত আক্ৰান্ত ৰোগীৰ মৃত্যু

By

Published : Sep 1, 2020, 12:54 PM IST

হোজাই, ১ ছেপ্টেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ হোজাইতো কৰ'ণা মহামাৰীয়ে বিভীষিকাৰ সৃষ্টি কৰিছে । COVID-19 ৰে যুঁজি অৱশেষত মঙলবাৰে মৃত্যুৰে হাৰ মানিলে ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সহকাৰী বিষয়া মন্তুচ ৰায়ে । সহকাৰী বিষয়া মন্তুচ ৰায়ৰ মৃত্যুৱে সমগ্ৰ হোজাই জিলাতে শোকৰ ছাঁ বিৰাজ কৰিছে । এসপ্তাহ ধৰি COVID-19ত আক্ৰান্ত হৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল ৰায় । মঙলবাৰে মৃত্যুক আঁকোৱালি ল'লে ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সহকাৰী বিষয়া মন্তুচ ৰায়ে ।

ABOUT THE AUTHOR

...view details