হোজাই, 2 ছেপ্টেম্বৰ :অক্টোপাছৰ দৰে ড্ৰাগছে বেৰি ধৰিছে ৰাজ্যৰ যুৱ প্ৰজন্মক ৷ ভয়ানক হাৰত ৰাজ্যত চলিছে ড্ৰাগছৰ বজাৰখন ৷ আৰক্ষী প্ৰশাসনে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিও আৰক্ষীয়ে নিঃশেষ কৰিব পৰা নাই এই সৰবৰাহ ৷ নিতৌ কৰাজ্যৰ ভিন্ন স্থানত উদ্ধাৰ হ’বলৈ ধৰিছে ড্ৰাগছজাতীয় সামগ্ৰী ৷ বৃহস্পতিবাৰে হোজাইতো ড্ৰাগছসহ আটক হয় এটা সৰবৰাহকাৰী ৷ আটকাধীন সৰবৰাহকাৰীটোৰ নাম দীপ দাস ৷
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, শুকুৰবাৰে দীপ দাসক আদালতত হাজিৰ কৰোৱা হ’ব ৷ হোজাই আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ পম খেদি কৃষ্ণ নগৰ অঞ্চলত অভিযান চলাই আটক কৰে যুৱকজনক ৷ তেওঁৰ পৰা জব্দ কৰা হয় আঠটা সৰু সৰু ড্ৰাগছ ভৰ্তি কন্টেইনাৰ ৷ ড্ৰাগছখিনিৰ বজাৰ মূল্য ১৮-২০ হাজাৰ টকা হ’ব বুলি অনুমান কৰা হৈছে ।
আনহাত, গুৱাহাটী মহানগৰীৰ যোৰাবাট অঞ্চলৰ পৰা বৃহস্পতিবাৰে আৰক্ষীয়ে জব্দ কৰিছে বুজন পৰিমাণৰ ড্ৰাগছ ৷ ট্ৰাকৰ তেলৰ টেংকীত উদ্ধাৰ হৈছে হেৰ'ইন ৷ ডিমাপুৰৰ পৰা ট্ৰাকত অনা এই ড্ৰাগছখিনি যোৰাবাট অঞ্চলত অভিযান চলাই জব্দ কৰে আৰক্ষীয়ে ৷