অসম

assam

ETV Bharat / state

ভুৱা পৰিচয়েৰে যুৱতীক প্ৰেমৰ জালত পেলাই ৰঙাঘৰৰ আলহী হ'ল এজন - ৰঙাঘৰৰ আলহী

ভুৱা পৰিচয়েৰে যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক যুৱকৰ ৷ প্ৰকৃত পৰিচয় লাভ কৰি যুৱতীয়ে প্ৰেমিকৰ বিৰুদ্ধে তৰিলে গোচৰ ৷

ছ'চিয়েল মিডিয়াযোগে প্ৰেমৰ জাল

By

Published : Jun 22, 2019, 1:11 PM IST

হোজাই,22 জুন : ভুৱা পৰিচয়েৰে ছ'চিয়েল মিডিয়াযোগে যুৱতীক প্ৰেমৰ জালত পেলোৱাৰ বহু ঘটনাই নিতৌ পোহৰলৈ আহিছে ৷ শেহতীয়াকৈ হোজাইত জাহিদ আলম নামৰ এজন যুৱকে নিজকে হিন্দু বুলি পৰিচয় দি প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল শান্তিবনৰ এগৰাকী যুৱতীৰ সৈতে ৷ প্ৰায় তিনি মাহ পূৰ্বে ফেচবুকৰ জৰিয়তে যুৱতীগৰাকীৰ সৈতে চিনাকী হোৱা যুৱকজনে যুৱতী গৰাকীক লগ ধৰিবলৈ আহোতে স্থানীয় যুৱকসকলে যুৱক-যুৱতী দুগৰাকীক আটক কৰি জেৰা চলোৱাত ওলাই পৰে যুৱকজনৰ প্ৰকৃত পৰিচয়। ভুৱা পৰিচয়েৰে যুৱতীগৰাকীক প্ৰেমৰ জালত পেলোৱা যুৱকজনক অৱশেষত ৰাইজে গতাই দিয়ে আৰক্ষীক। ইপিনে যুৱতীগৰাকীয়েও যুৱকজনৰ বিৰুদ্ধে গোচৰ তৰাত আৰক্ষীয়ে আটক কৰে যুৱকজনক।

ছ'চিয়েল মিডিয়াযোগে প্ৰেমৰ জাল

ABOUT THE AUTHOR

...view details