হোজাই,4 মে’ঃসোমবাৰে পুৱা হোজাই জিলাৰ হাৱাইপুৰত সংঘটিত হয় এক অঘটন । অঞ্চলটোত গাখীৰ বিক্ৰীৰ বাবে যোৱা এজন গুৱাল বন্যহস্তীৰ আক্ৰমণৰ সন্মুখীন হৈ হাতীটোৰ আক্ৰমণত থিতাতে প্ৰাণ হেৰুৱায় ৷ অঞ্চলটোত ক্ৰমাৎ ভয়ংকৰ ৰূপলৈ পৰিৱৰ্তিত হৈছে হাতী-মানুহৰ সংঘাত । ঘটনাৰ বিৱৰণী অনুসৰি, জিলাখনৰ হাৱাইপুৰৰ চেগুন বাগানত বন বিভাগৰ কাৰ্যালয়ৰ নিচেই কাষতে বন্যহস্তীৰ আক্ৰমণত নিহত হয় গোপাল নগৰৰ চিৰাজুদ্দিন নামৰ এগৰাকী বৃদ্ধ ৷ গোপাল নগৰৰ পৰা গাখীৰ বিক্ৰী কৰিবলৈ হাৱাইপুৰলৈ আহিছিল মৃত বৃদ্ধ লোকজন ।
হোজাইত হাতীৰ আক্ৰমণত প্ৰাণ গ'ল বৃদ্ধৰ - হাৱাইপুৰ
হোজাইত পুনৰ বৃদ্ধি হস্তী-মানৱৰ সংঘাত ৷ সোমবাৰে পুৱা হাৱাইপুৰ এলেকাত হাতীৰ আক্ৰমণৰ ফলত মৃত্যুবৰণ কৰে গাখীৰ বিক্ৰীৰ বাবে যোৱা এজন বৃদ্ধ ৷ ছিন্ন-ভিন্ন অৱস্থাত উদ্ধাৰ বৃদ্ধজনৰ মৃতদেহ ৷
হাতীৰ আক্ৰমণত বৃদ্ধৰ মৃত্যু
বন বিভাগৰ কাৰ্যালয়ৰ পৰা মাত্ৰ 100 মিটাৰ নিলগত সংঘটিত ঘটনাটো সম্পৰ্কে অজ্ঞতা প্ৰকাশ কৰে বন বিভাগৰ লোকে । স্থানীয় লোকে বৃদ্ধজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় বিভাগীয় লোক ৷ ঘটনাটোৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত ।