হোজাইত পুত্ৰ বোৱাৰী নিৰ্যাতনত ঘৰ ত্যাগ দম্পতিৰ - assam news
পুত্ৰ বোৱাৰীৰ অকথ্য নিৰ্যাতনৰ বাবেই আদালত চৌহদত 70 উৰ্ধ্বৰ দম্পতীৰ হিয়াভঙা কান্দোন ৷ চাৰি পুত্ৰ আৰু পাঁচ গৰাকী জীয়ৰী জন্ম দিয়াৰ পিচতো চকুলো টুকিব লগা হৈছে এহাল দম্পতিয়ে
হোজাই, 30 মে': বৃদ্ধ বয়সত এহাল বৃদ্ধৰ কৰুণ কাহিনী। বোৱাৰীৰ নিৰ্যাতনৰ বাবেই ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য হ'ল বৃদ্ধ শাহু-শহুৰ। পুত্ৰ বোৱাৰীৰ অকথ্য নিৰ্যাতনৰ বাবে আদালতৰ চৌহদত 70 উৰ্ধ্বৰ দম্পতীৰ হিয়াভৰা কান্দোন ৷ চাৰি পুত্ৰ আৰু পাঁচ গৰাকী জীয়ৰীৰে ভৰা পৰিয়াটোত এতিয়া বৃদ্ধ দম্পতীয়ে টুকিবলগীয়া হৈছে চকুপানী। হোজাইৰ 1নং কাকীৰ পোনা গোহাঁই আৰু সৰুমাই গোহাঁই নামৰ দম্পতীহালে পুত্ৰ বোৱাৰীৰ নিৰ্যাতন সহিব নোৱাৰি এতিয়া ন্যায় বিচাৰি কাষ চাপিছে হোজাই আদালতৰ। জীৱনৰ বিয়লি বেলাত ভগৱানক প্ৰাৰ্থনা কৰা সময়ত ন্যায় বিচাৰি আদালতত হাজিৰ হ'ব লগা হোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সচেতন মহলত । বিগত কেইবছৰমান আগতে দুই পুত্ৰক হেৰুওৱাৰ বেদনাই বুকুত খুন্দিয়াই আছে যদিও বোৱাৰীয়ে অত্যাচাৰ কৰি ঘৰৰ পৰা উলিয়াই দিয়াত বৃদ্ধ দম্পতী হালে অনাই বনাই কটাব লগা হৈছে । পুত্ৰ বোৱাৰীৰ শাৰীৰিক মানসিক অত্যাচাৰত অতিষ্ঠ হৈ নিজ গৃহ ত্যাগ কৰিবলৈ বাধ্য হয় হোজাইৰ এই বৃদ্ধ দম্পতীহালে ৷