অসম

assam

ETV Bharat / state

এন আৰ চিত নাম নাহিল হোজাই জিলাৰ প্ৰায় এক হাজাৰ হিন্দু লোকৰ নাম - হোজাই জিলাৰ কাকী খ্ৰিং খ্ৰিং

হোজাই জিলাৰ কাকী খ্ৰিং খ্ৰিংত উপযুক্ত নথিপত্ৰ থকাৰ পিছতো এন আৰ চি তালিকাত নাম নহাকলৈ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়া

নাম নাহিল এন আৰ চিত

By

Published : Sep 4, 2019, 5:35 PM IST

হোজাই,4 ছেপ্টেম্বৰঃ বহু প্ৰতীক্ষাৰ অন্তত ৩১ আগষ্টতত প্ৰকাশ পালে এন আৰ‌ চিৰ পূৰ্ণাংগ তালিকা আৰু এই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তালিকা প্ৰকাশৰ পিছতেই হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈ পৰিছে হোজাই জিলাৰ ৯২নং লামডিং সমষ্টিৰ অন্তৰ্গত কাকী খ্ৰিং খ্ৰিং অঞ্চলত । এই গাঁৱখনৰ তিনি হাজাৰ লোকৰ ভিতৰত প্ৰায় এক হাজাৰ লোকৰ নাম এন আৰ চিৰ তালিকাৰ পৰা বাদ পৰাৰ পিছতেই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

নাম নাহিল এন আৰ চিত

গাঁওবাসীয়ে অভিযোগ তুলিছে যে,সঠিক তথ্য প্ৰমাণ জমা দি একাধিকবাৰ শুনানিত অংশ গ্ৰহণ কৰাৰ পিছতো প্ৰায় এক সহস্ৰধিক লোকৰ নাম নাই এন আৰ চিত ৷ অঞ্চলটোত বসবাস কৰা প্ৰায় এক হাজাৰ লোকৰ নাম অন্তৰ্ভুক্ত নহ'ল ৩১ আগষ্টত প্ৰকাশ পোৱা এন আৰ চিৰ পূৰ্ণাংগ তালিকাত ।তাৎপৰ্যপূৰ্ণ বিষয় যে,হোজাই জিলাৰ লামডিং সমষ্টিৰ লংকা ৰাজহ চক্ৰৰ অন্তৰ্গত কাকী খ্ৰীং খ্ৰীংত বসবাস কৰা লোক সকলৰ ১৯৬৫ চনৰ উপযুক্ত নথিপত্ৰ থকাৰ পিছতো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পূৰ্ণাংগ তালিকাত অন্তৰ্ভুক্ত নহ'ল প্ৰায়‌ এক হাজাৰ লোকৰ নাম ৷ সম্প্ৰতি হতাশাত ভাঙি পৰিছে এইসকল পৰিয়াল। সম্প্ৰতি নাম বাদ পৰা ৰাইজে এনেদৰে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। উপযুক্ত প্ৰমাণ পত্ৰ থকাৰ পিছতো কাৰ গাফিলতিৰ ফলত এই সকল লোকৰ নাম চূড়ান্ত তালিকাৰ পৰা বাদ পৰিছে সেয়াহে এতিয়া বিচাৰ্যৰ বিষয় ৷

ABOUT THE AUTHOR

...view details